ডিব্ৰুগড়ত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱাৱাহিনীৰ ৰক্তদান দিৱস উদযাপন

ডিব্ৰুগড়ত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱাৱাহিনীৰ ৰক্তদান দিৱস উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব ৰক্তদান দিবসৰ লগত সঙ্গতি ৰাখি ডিব্ৰুগড়ত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱাৱাহিনীয়ে ১৪ জুনত অনুষ্ঠিত কৰে ৰক্তদান শিবিৰ ৷ কেন্দ্ৰীয় সেৱাবাহিনীৰ ৰক্তদান কোষৰ উদ্যোগত ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত আৰু ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত ভঁৰালৰ সহযোগত অনুষ্ঠিত হয় এই ৰক্তদান শিৱিৰ৷ “এটোপাল ৰক্তই কাৰোবা জীৱন ৰক্ষা কৰিব পাৰে” এই শ্লোগান আগত ৰাখিয়েই দিৱসটি উদযাপন কৰা হয়। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যুৱ সংগঠন সেৱাবাহিনীয়ে জন্মলগ্নৰে পৰা আৰ্তজনক ৰক্তদান কৰি মানৱ সেৱাৰ অনন্য নিদৰ্শন দাঙি ধৰি আহিছে৷ উল্লেখযোগ্য যে “বিশ্ব ৰক্তদাতা” দিৱসৰ লগত সংগতি ৰাখি এখনি সজাগতা অনুষ্ঠিত হয় । সভাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক তথা কেন্দ্ৰীয় সেৱা বাহিনী সচিব কুশল ঠাকুৰীয়া বাপ, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ কাকতি, অধীক্ষক প্ৰশান্ত দিহিঙীয়া ,অসম চিকিৎসা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডা: অদিতি শৰ্মা , নাচিং বিদ্যালয়ৰ অধ্যক্ষা ডা: মমী নেওগ আদি উপস্থিত থাকি ৰক্তদাতা সকলক উৎসাহিত কৰাৰ লগতে ‘ৰক্তদান মহান দান’ সন্দৰ্ভত বহুমূলীয়া বক্তব্য প্ৰদান কৰে। এই ৰক্তদান শিবিৰত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই দহখন জিলা শাখাৰ প্ৰায় ৩০ গৰাকী ৰক্তদাতাই স্বইচ্ছাই অংশ গ্রহণ কৰি ৰক্তদান কৰে। এই শিবিৰত কেন্দ্ৰীয় সেৱাবাহিনী মুখ্য অধিনায়ক সঞ্জীৱ বৰা,সচিব বসন্ত কলিতা,ৰক্তকোষৰ সমন্বয়ক চন্দন বৰা, যুটীয়া সমন্বয়কদ্বয়, দ্বিপেন দাস আৰু চন্দন ভৰালী, ডিব্ৰুগড় মণ্ডলৰ মাণ্ডলিক সদস্য হিৰণ্য কোঁৱৰ, ডিব্ৰুগড় জিলা সভাপতি ধৰ্মেশ্বৰ গোঁহাই,সম্পাদক জিতেন হাজৰিকাকে প্ৰমূখ্য কৰি বহুকেইগৰাকী বিষয়ববীয়া সেৱক সেৱিকা উপস্থিত থাকে৷