ডিব্ৰুগড়ত মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে আধাৰশিলা কৰিবলগীয়া স্থানৰ সমীপত এটা মৃতদেহ উদ্ধাৰ হয়।মৃত যুৱকজন নিৰ্মালী গাঁৱৰ ৰঞ্জু কটকী বুলি জানিব পৰা গৈছে। মৃত যুৱকজনৰ বয়স ২৬ বছৰ।যোৱা বছৰ দুৰ্গা পূজাৰ পৰাই তেওঁ নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে মৃত্যুৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।লক্ষণীয় যে, মুখ্যমন্ত্ৰীৰ আগমনৰ আগে আগে নিৰাপত্তা দিশ সুনিশ্চিত কৰিবলৈ কাষৰনলাত অভিযান চলাওঁতে আৰক্ষী আৰু অভিযানকাৰীৰ দলে উদ্ধাৰ কৰে মৃতদেহটো ।