ডিব্ৰুগড়ত মূল্য বৃদ্ধিৰ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ

ডিব্ৰুগড়ত মূল্য বৃদ্ধিৰ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ : যোগান মন্ত্ৰীৰ পদত্যাগৰ দাবী
এম্ হাছিম আলী ,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  মূল্য বৃদ্ধিয়ে সৰ্ব সাধাৰণ ৰাইজক কোঙা  কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম দিনে দিনে ত্ৰিশ চল্লিশ শতাংশলৈ বৃদ্ধি পাইছে। চাউল,ডাইল, মিঠাতেলৰ পৰা আৰম্ভ কৰি শাক পাচলি, ফলমূল, পিয়াজ নহৰু মুঠতে সকলো সামগ্ৰীতে আকাশলংঘী দামত ৰাইজ ত্ৰাহি মধুসূদন দেখিছে। এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই । ডিব্ৰুগড়ৰ চৌকিদিঙিত থকা আছুৰ শ্বহীদ ভৱনৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈকে তেওঁলোকে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। যোগান মন্ত্ৰী ৰঞ্জিত দাসে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলে প্ৰতিবাদকাৰী সকলে। আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বুলবুল দত্ত, জিলা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ বড়া, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰূপজ্যোতি বৰঠাকুৰৰ নেতৃত্বত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগৰ দাবী জনাইছে। প্ৰতিবাদ কাৰী সকলে পিছত ডিব্ৰুগড় জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।