ডিব্ৰুগড়ত মহিলা কৰ্মচাৰী সন্থাৰ নাৰী সন্থাৰ

ডিব্ৰুগড়ত মহিলা কৰ্মচাৰী সন্থাৰ নাৰী সন্থাৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় শাখাই ৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসটি বিভিন্ন কাৰ্যসূচীৰে ‘হোটেল গুলমোহৰ’ত উদযাপন কৰে৷ শাখাৰ সভানেত্ৰী লক্ষহীৰা গগৈ আৰু সম্পাদিকা চৈয়দা মাছহুদা ৰহমানে আঁত ধৰা অনুষ্ঠানটিত বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয় বিশিষ্ট সমাজকৰ্মী তথা প্ৰগতিবাদী নাৰী অৰ্পণা বড়াক৷ ভাষণ প্ৰসঙ্গত তেখেতে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীৰ সংগ্ৰাম, স্থিতি আৰু সফলতা সম্পৰ্কত এক মনোগ্ৰাহী যোগাত্মক বিশ্লেষণ আগবঢ়ায়৷ বিশিষ্ট বক্তা ৰূপে অধ্যাপিকা ড° মিনাক্ষী বৰকাকতি আৰু বিশিষ্ট অতিথি ৰূপে হৃদৰোগ বিশেষজ্ঞ ডা° বৰ্ণালী বৰুৱা উপস্থিত থাকি নাৰীৰ শিক্ষা,স্বাস্থ্য আদিৰ বিভিন্ন সমস্যা আৰু সমাধান সম্পৰ্কে সাৰুৱা ভাষণ প্ৰদান কৰে৷ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে অঞ্জুমণি কলিতাই৷ ছায়া দত্ত ভূঞা, দিপালী ডেকা, প্ৰতিমা বৰুৱা আৰু লক্ষহীৰা গগৈৰ কবিতা পাঠ, ৰিণি শৰ্মাৰ বেহেলা বাদন, অনাতাঁৰ শিল্পী তন্দ্ৰালী হাজৰিকা, মীনা জোশীৰ লগতে উদীয়মান শিল্পী ইমন সৌৰভ বৰুৱা, আৰু জিমি জিজ্ঞাসা বৰুৱাৰ গীত পৰিৱেশনে অনুষ্ঠানটি জীপাল কৰি তোলে৷ ড° কৰবী ডেকা হাজৰিকাৰ ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ কবিতাৰ আবৃত্তি কৰে চৈয়দা মাছহুদা ৰহমানে৷ ডিব্ৰুগড় শাখাৰ সদস্যা সকলৰ সমৱেত সঙ্গীত আৰু বিয়ানামেও অনুষ্ঠানটি মুখৰিত কৰে৷