ডিব্ৰুগড়ত মঞ্চৰূপাৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম জয়ন্তী উদযাপন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৬ সংখ্যক জন্ম জয়ন্তী ডিব্ৰুগড়ৰ অগ্ৰণী সাহিত্য সাংস্কৃতিক অনুষ্ঠান মঞ্চৰূপাৰ উদ্যোগত অনুষ্ঠিত হয়। ডিব্ৰুগড় শাখা সাহিত্য সভা ভৱনৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানটি মঞ্চৰূপাৰ সভাপতি সুৰেশ হাটীমুৰীয়াৰ আদৰণি ভাষণেৰে উদ্বোধন কৰা হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু এটি বিষ্ণু ভজন পৰিবেশন কৰে অনাতাঁৰ শিল্পী ৰঞ্জু ভট্টাচাৰ্য্যই।। মঞ্চৰূপাৰ প্ৰতীক চিহ্ন সাংস্কৃতি সম্পাদিকা উত্তৰা শেনচোৱা আৰু সঞ্জনা বৰদলৈ দ্বৈত ভাৱে প্ৰদৰ্শন কৰে। কাৰ্য্যকৰি সভাপতি জয়ন্ত বৰদলৈয়ে শীৰ্ষক গীতটি পৰিচালনা কৰে। সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পী তথা মঞ্চৰূপাৰ সদস্য সকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত, কবিতা আদি পৰিবেশন কৰাৰ লগতে মঞ্চৰূপাৰ মুখ্য উপদেষ্টা ড০ ভাৰতী দত্তই উপস্থিত দৰ্শকক সম্বোধি সমকালীন সময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসংগিকতাৰ বিষয়ে মন্তব্য আগবঢ়ায়। অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰি বিশিষ্ট লেখক ও আবৃত্তি বিশাৰদ সংগীতা বৰুৱা শইকীয়াই ৰচনা কৰা আৰু মঞ্চৰূপাৰ সম্পাদক অৰুণ চেতিয়াৰ পৰিচালনাত মঞ্চৰূপাৰ শিল্পী সকলে পৰিৱেশন কৰে এখনি গীতি আলেখ্য ‘ৰাভাৰ আভা’। অনুষ্ঠানত জনপ্ৰিয় বেহেলা বাদক মীনাক্ষী বৰুৱা আৰু তেওঁৰ ছাত্ৰী বৃন্দৰ বেহেলা বাদন আৰু ডিব্ৰুগড় মহানগৰৰ অন্যতম নৃত্য শিল্পী ৰুবী সন্দিকৈৰ পৰিচালনাত কন কন ছাত্ৰী সকলে পৰিৱেশন কৰা দলীয় নৃত্য গীতে দৰ্শকক আপ্লুত কৰে । ডঃ ভূপেন হাজৰিকা ৰচিত বিশ্বজনীন গীত ‘মানুহে মানুহৰ বাবে’ গীতেৰে সামৰণি পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠানটি আগবঢ়ায়। মঞ্চ ৰূপাৰ সাংস্কৃতিক অনুষ্ঠানটি আঁত ধৰে সংহিতা মাধবী দত্তই লগতে গীতি আলেখ্যখনি আঁত ধৰে অনুপম দত্ত আৰু সত্য শিখাই দুৱৰাই । অনুষ্ঠানটিৰ শলাগৰ শৰাই আগবঢ়ায় জোনালী খাউণ্ডে।