ডিব্ৰুগড়ত মঞ্চৰূপাৰ উদ্যোগত  শিল্পী দিৱস পালন

ডিব্ৰুগড়ত মঞ্চৰূপাৰ উদ্যোগত  শিল্পী দিৱস পালন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান মঞ্চৰূপাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী দিৱসটি আজি মঞ্চৰূপাৰ সমূহ সদস্য/সদস্যাৰ উপস্থিতিত মিলন নগৰত অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত মঞ্চৰূপাৰ উপদেষ্টা সংগীতা বৰুৱাই বন্তি প্ৰজ্বলন কৰাৰ লগতে সভাপতি  অনাতাঁৰ সঙ্গীতশিল্পী  সুৰেশ হাতিমূৰীয়াই ৰূপ কোঁৱৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি অনুষ্ঠানটি আগবঢ়ায়। সভাত সম্পাদক অৰুন চেতীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। নৃত্যশিল্পী ৰঞ্জনা শৰ্মা বৰদলৈৰ লগতে  মঞ্চৰূপাৰ সমূহ সদস্য-সদস্যাই অনুষ্ঠানটিত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসক সন্মান জনাই শিল্পীজনাৰ সৃষ্টিশীল নৃত্য -গীত-কবিতা, আবৃত্তি আদিৰে আটকধুনীয়া কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। অনুষ্ঠানটিত কাৰ্যকৰী সভানেত্ৰী জোনালী খাউণ্ডে শলাগৰ শৰাই আগবঢ়ায়।