ডিব্ৰুগড়ত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ডিব্ৰুগড় জিলা দিৱস উদযাপন

ডিব্ৰুগড়ত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ডিব্ৰুগড় জিলা দিৱস উদযাপন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ১৯৭১ চনৰ ২ অক্টোবৰত গঠিত ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে তৃতীয় বাৰ্ষিক “ডিব্ৰুগড় জিলা দিৱস” উদযাপন কৰা হয়। ডিব্ৰুগড় জিলা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভা তথা সাংস্কৃতিক কাৰ্য্যসূচীত  বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী  যোগেন মহন, খোৱাং  বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, জিলা আয়ুক্ত বিক্ৰম কৈৰী, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ  বিষয়াবৰ্গ, আমন্ত্ৰিত  বিশিষ্ট ব্যক্তিসকল আৰু চাৰি শতাধিক স্থানীয় ৰাইজ। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে উদ্বোধনী ভাষণ আগবঢ়াই কয় যে, অসমৰ ভিতৰতে ডিব্ৰুগড় জিলা বিভিন্ন দিশত চহকী আৰু আগৰণুৱা। বহু দিশত ডিব্ৰুগড় জিলাই ৰাজ্যৰ বাবেই প্ৰেৰণাস্বৰূপ হৈ আহিছে।  ঔদ্যোগিক ক্ষেত্রৰ লগতে ডিব্ৰুগড় জিলা শিক্ষা, ক্ৰীড়া, সাহিত্য-সংস্কৃতি আদি সকলো ক্ষেত্ৰতেই এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে বুলিও  জিলা আয়ুক্তই উল্লেখ কৰে। জিলা দিৱসৰ কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন  মহনে ভাষণ প্ৰসঙ্গত কয় যে প্ৰাকৃতিক সম্পদত চহকী ডিব্ৰুগড় জিলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। শিক্ষা; স্বাস্থ্য আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশত জিলাখনে অতীজৰে পৰা মানৱ সম্পদ গঢ় দি আহিছে। এই মানৱ সম্পদেই অনাগত দিনত এখন আদৰ্শবান সমাজ গঢ় দিব বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি নিজকে উপযুক্ত কৰি তুলিব পাৰিলে দেশ তথা স্বজাতিৰ মংগল হ’ব। ‘আমি সকলোৱে এটা বহুল মন লৈ কাম কৰি আগবাঢ়ি যাব লাগিব যাতে সমাজত নিজকে সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰো বুলিও মন্ত্ৰী মহনে ৰাইজক উদ্দেশ্যি মত ব্যক্ত কৰে। জিলা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি সাৰুৱা ভাষণ প্ৰদান কৰে বিশিষ্ট লেখক আৰু  অনিৰুদ্ধদেৱ জুনিয়ৰ কলেজৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈয়ে। উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলা দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ আটাইকেইটা শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহত দুটা শাখাত  ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে নিম্ন শাখাত “মাদক দ্ৰব্যৰ ব্যৱহাৰ স্বাস্থ্য আৰু সামাজিক বাতাবৰণৰ বাবে ক্ষতিকাৰক” বিষয়ৰ ওপৰত আৰু একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে উচ্চ শাখাত “সাৰ্বজনীন ভূমি অধিকাৰ” বিষয়ৰ ওপৰত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আনহাতে জিলা দিৱস উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা ক্ৰীড়া বিভাগৰ সহযোগত ১ অক্টোবৰত  চৌকিডিঙ্গী খেলপথাৰত  বিভিন্ন থলুৱা খেল ধেমালি যেনেঃ ৰচী টনা, টেকেলি ভঙা আৰু কাবাডী প্রতিযোগিতা আদি অনুষ্ঠিত হয়। তদুপৰি ২ অক্টোবৰৰ পুৱা ডিব্ৰুগড় জিলাৰ সকলো চৰকাৰী কাৰ্য্যালয়ত চাফাই অভিযান চলোৱাৰ লগতে, চৌকিডিঙ্গী খেলপথাৰত মহিলা ফুটবল প্রতিযোগিতাৰো আয়োজন কৰা হয়। একেদৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা স্বাস্থ্য বিভাগৰ সহযোগত ৰক্ত দান শিৱিৰ আৰু গাওঁসমূহত  স্বাস্থ্য পৰীক্ষণ শিৱিৰৰ আয়োজন কৰা হয়। আজি ডিব্ৰুগড় জিলা দিৱস উপলক্ষে অনুষ্ঠিত সভাত বিভিন্ন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে  সমাজৰ বিভিন্ন ক্ষেত্রত  পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কুৰিৰো অধিক বিশিষ্ট ব্যক্তি, সমাজসেৱক, প্ৰগতিশীল পশুপালক, প্ৰগতিশীল কৃষক, সাংবাদিক, সুদক্ষ বনকৰ্মী, সুদক্ষ আৰক্ষী বিষয়া তথা আন  কেইবাগৰাকী উদীয়মান উদ্যোগীক ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। জিলা দিৱসৰ সাংস্কৃতিক কাৰ্য্যসূচীত কেইবাগৰাকী বিশিষ্ট সংগীত শিল্পীয়ে সংগীত পৰিবেশণ কৰাৰ লগতে বিশিষ্ট খোলবাদক অথৰ্বৰাজ বৰাই বৰগীত আৰু খোল বাদন প্ৰদৰ্শন কৰে। অনুষ্ঠানত নৃত্যাংগন কলা কেন্দ্ৰৰ শিল্পীসকলে আধুনিক নৃত্য আৰু ভোৰতাল নৃত্য লগতে বিশিষ্ট ঢোলীয়া ৰুবুল দত্ত আৰু সংগীবৃন্দই ঢোলবাদন প্ৰদৰ্শন কৰে।