ডিব্ৰুগড়ত বিগত ১৪ টা বছৰে গৰীৱ দুখীয়াক জাকাত এণ্ড ইমদাদ ফাউণ্ডেশ্যন ট্ৰাষ্টৰ সাহাৰ্য্য বিতৰণ

ডিব্ৰুগড়ত বিগত ১৪ টা বছৰে গৰীৱ দুখীয়াক জাকাত এণ্ড ইমদাদ ফাউণ্ডেশ্যন ট্ৰাষ্টৰ সাহাৰ্য্য বিতৰণ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ এটি স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান ‘জাকাত এন্ড ইমদাদ ফাউণ্ডেশ্যন ট্ৰাষ্টে’যোৱা ২০১০ চনৰ পৰা সমাজৰ দুস্থ মানুহৰ সুবিধাৰ্থে বিভিন্ন সামগ্ৰী বিতৰণ কৰি আহিছে। সেইমতে স্কুল, কলেজ, মেডিকেল আৰু আইন অধ্যয়ন কৰা গৰীৱ দুস্থ ছাত্ৰ ছাত্ৰীৰ পঢ়াশুনাৰ খৰচ বহন কৰাৰ লগতে চিকিৎসা সেৱা, ঘৰ নিৰ্মাণ কৰি দিয়াৰ লগতে ৰিক্সা, ঠেলা,চিলাই মেচিন,কম্পিউটাৰ ইত্যাদিসহ বিভিন্ন ক্ষেত্ৰত আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে।ইয়াৰ ভিতৰত জাকাতৰ ধন ইছলাম ধৰ্মী লোকৰ মাজত বিতৰণৰ লগতে ইমদাদৰ ধন সমাজৰ অন্যান্য জাতি ধৰ্ম-বৰ্ণ বাচ বিচাৰ নকৰাকৈ সময়ে সময়ে বিতৰণ কৰি আহিছে । সেই সময়ত মৰহুম আলহজ ৰিয়াজুল হুছেইনৰ অধ্যক্ষতাত আৰু ডিব্ৰুগড়ৰ কেইবাগৰাকীও সন্মানীয় গুণীজ্ঞানীৰ ব্যক্তিৰ উপস্থিতিত গঠিত হৈছিল এটি ২১ (একইশ)‌ জনীয়া ‘জাকাত এণ্ড ইমদাদ ফাউণ্ডেশ্যন ট্ৰাষ্ট’। সেই সময়ত ট্ৰাষ্টত আছিল মৰহুম আলহজ ৰিয়াজুল হুছেইন, মৰহুম আলহজ চাইফ উদ্দিন আহমেদ, মৰহুম মুজিবুল্লা হাজৰিকা, মৰহুম মুজিবুৰ ৰহমান, মৰহুম মিন্টু মনৌৱাৰ হুছেইন, মৰহুম আব্দুল মতিন, ড০ আদিলউল ইয়াচিন, আলহজ, ডা০ চাজিদ আহমেদ, ডা০ আহমেদউল্লা খান, আলহজ চেহিৰ আহমদ, জুনাইদ আহমেদ, চেহেৰ ইয়াৰ চুলতান, পাৰভেজ খান, ইকবাল আহমেদ, আব্দুল খালেক, নাছিৰ চুলতান, নাছিমুল গণি, দিয়ান উদ্দিন আহমেদ, এম হাছিম আলী, আব্দুল ছাজিদ, শ্বাহনাৱাজ ৰহিম, আৰু পৰৱৰ্তীকালত নাৰুল আখতাৰ হুছেইন আৰু নাছিৰ আহমেদক ট্ৰাষ্টৰ অন্তৰ্ভূক্ত কৰা হয়। যি সকলৰ অসীম ত্যাগৰ দ্বাৰা এই সমিতি গঠন কৰা হৈছিল সেই সকলৰ ভিতৰত পাচঁ জনৰ ইতিমধ্যে মৃত্যু হৈছে । বৰ্তমানৰ সভাপতি ডা০ চাজিদ আহমেদ সম্পাদক নাছিৰ চুলতান, ধন ভৰালী জুনাইদ আহমেদকে আদি কৰি অন্যান্য সদস্যক ট্ৰাষ্টীৰ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। ডিব্ৰুগড় চহৰৰ পল্টন বজাৰত অৱস্থিত কাৰ্য্যালয়ত ‘জাকাত আৰু ইমদাদ ফাউণ্ডেশ্যন’ৰ অনুষ্ঠানত সময়ে সময়ে জৰুৰীকালীন কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হয়। ‘জাকাত এণ্ড ইমদাদ ফাউণ্ডেশ্যন’ৰ অনুষ্ঠানত লোৱা সিদ্ধান্ত মৰ্মে বছৰি ডিব্ৰুগড়ৰ সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তি, প্ৰশাসনিক বিষয়া,আৰক্ষী বিষয়া , লেখক, সাহিত্যিক আদিক আমন্ত্ৰণ কৰি জাকাত আৰু ইমদাদৰ চেক, সামগ্ৰী আদি বিতৰণ কৰা হয়। আনকি এই সমাজ সেৱাত সন্তোষ প্ৰকাশ কৰি উপস্থিত বহুজনে স্বেচ্চাই ট্ৰাষ্টলৈ বৰঙণি আগবঢ়ায়। এইবাৰ ৰমজান মাহত লেজাই, কলাখোৱা ,চাউলখোৱা,বকুল মাজগাঁও আদি গ্ৰামাঞ্চলত ৰমজানত অতীৱ প্ৰয়োজনীয় খাদ্যসামগ্ৰী ট্ৰাষ্টৰ সদস্য সকলে বিতৰণ কৰি এই দুখীয়া সকলৰ মুখত হাঁহি বিৰিঙায়। এক নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ মাজেদি সমাজৰ সচাঁ গৰীৱ(জাকাত হকদাৰ) বুলি প্ৰমাণিত তথা ভাৰতীয় বুলি প্ৰমাণ পত্ৰ লোৱাৰ পাছত চিনাক্তকৰণ কৰি সাহাৰ্য্য আগবঢ়োৱা হয়। অলপতে ডা০ চাজিদ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত তেওঁৰ লগতে সম্পাদক নাছিৰ চুলতানে কয় যে আমাৰ ট্ৰাষ্টী সকলে নিজে গৈ সমাজৰ গৰীৱ – দুখীয়া তথা অসহায় লোকক বিচাৰি উলিয়ায় আৰু উপযুক্ত বুলি প্ৰমাণিত হোৱা লোকক সাহাৰ্য্য প্ৰদান কৰি আহে। সেইমতে ট্ৰাষ্টীৰ দলে লেজাই, কলাখোৱা, চাউলখোৱা, বকুল মাজগাঁওত থকা দুখীয়া সকলোক চাউল দাইল, মিঠাতেলকে আদি কৰি অন্যান্য সামগ্ৰী বিতৰণ কৰে। বিগত চৈধ্যটা বছৰত হাজাৰৰো অধিক দুখীয়া,অভাৱগ্ৰস্ত লোকক জাকাত এণ্ড ইমদাদৰ অৰ্থ আৰু সামগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ২ জনক মেডিকেল পঢ়োৱা, ৫ জনক ওকালতি , ৪ জন বিভিন্ন প্ৰতিভাবান খেলুৱৈ, এজন কলেজেৰ প্ৰফেচাৰ (এখন কলেজত বৰ্তমান কৰ্মৰত), ১০ জন পানী কল মিস্ত্ৰীৰ প্ৰশিক্ষণ, সাত জনক বিভিন্ন কাৰিকৰী শিক্ষা ,চিলাই মেচিন ৩৫ টাৰ অধিক ,কাপোৰ ব্যৱসায়ী ৭ গৰাকী মহিলা, ত্ৰিশখন ঠেলা গাড়ী, ১৫ খন ৰিক্সা, এশৰো অধিক কম্বল ইত্যাদিৰ লগতে দূৰাৰোগ্য আক্ৰান্ত ব্যক্তি, প্ৰতিষ্ঠিত সাংবাদিক ,ৰাষ্ট্ৰীয় খেলুৱৈ আদিক সময়ে সময়ে সাহাৰ্য্য প্ৰদান কৰা হৈছে বুলি ট্ৰাষ্টৰ সভাপতি ডা০ চাজিদ আহমেদ আৰু সম্পাদক নাচিৰ চুলতানে জানিবলৈ দিয়ে। সমাজৰ বিশেষকৈ জাকাত দাতা সকলৰ আন্তৰিক সহায় সহযোগ লাভ কৰিলে আগত দিনত ট্ৰাষ্টে আৰু অধিক অঞ্চলৰ দুখীয়া গৰীবসকলক সামৰি ,শিক্ষা তথা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বহলভিত্তিত কাম কৰাৰ পৰিকল্পনা কৰিছে।