ডিব্ৰুগড়ত “বনৰীয়া ঘোঁৰা“ শীৰ্ষক সদৌ অসম মুকলি কাৰাটে প্ৰতিযোগিতা আয়োজন

ডিব্ৰুগড়ত “বনৰীয়া ঘোঁৰা“ শীৰ্ষক সদৌ অসম মুকলি কাৰাটে প্ৰতিযোগিতা আয়োজন ২১-২২ মাৰ্চ :অসম কাৰাটে সংগঠক বঁটা প্ৰদান অনুষ্ঠান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে ডিব্ৰুগড় জিলা কাৰাটে সন্থা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অহা ২১ আৰু ২২ মাৰ্চ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা ৰংগ মঞ্চত বনৰীয়া ঘোঁৰা শীৰ্ষক সদৌ অসম মুকলি কাৰাটে প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ এহেজাৰো অধিক কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰিব৷ প্ৰতিযোগিতাৰ লক্ষ্য হল তৃৰ্ণমূল পৰ্য্যায়ৰ কাৰাটে খেলুৱৈ সকলক এখনি মঞ্চ দি উলিয়াই অনা৷ প্ৰণিধানযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২০১৭ চনত কাৰাটেক খেল হিচাপে অন্তভুৰ্ক্ত কৰি উত্তৰপূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে আন্তঃ মহাবিদ্যালয় কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল৷ ইয়াৰ পৰবৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ আন আন বিশ্ববিদ্যালয়ে কাৰাটে প্ৰতিযোগিতা অন্তভুৰ্ক্ত কৰিছিল৷ গৌৰৱৰ বিষয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ধাৰাবাহিকভাবে  আন্তঃবিশ্ববিদ্যালয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক আনিবলৈ সক্ষম হৈছে৷ এই বনৰীয়া ঘোঁৰা কাৰাটে প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে আয়োজক সমিতিয়ে আয়োজন তুংগত কৰি  তুলিছে৷ এই প্ৰতিযোগিতাতে অসম কাৰাটে সংগঠক বঁটা বিশিষ্ট কাৰাটে সংগঠক, সদৌ অসম কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীক দিয়াৰ কথা আয়োজক সমিতিয়ে উল্লেখ কৰে ৷আদৰ্শ চৌধুৰীয়ে অসমত সিঁচৰতি হৈ থকা বিভিন্ন কাৰাটে সন্থা একত্ৰিত কৰি এখনি মঞ্চত দি সদৌ অসম কাৰাটে সন্থা গঠন কৰাত মুখ্য ভুমিকা পালন কৰিছিল৷ যিখন সন্থা বৰ্তমান অসমৰ একমাত্ৰ অসম অলিম্পিক সন্থাৰ স্বীকৃতি প্ৰাপ্ত সন্থা৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ, অভিভাৱক, পৰিচালক, বিচাৰক, প্ৰশিক্ষক তথা সমূহ জিলাৰ সভাপতি সম্পাদকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ড০ জিতেন হাজৰিকা, পঞ্জীয়ক ড০ পৰমানন্দ সোনোৱাল, ক্ৰীড়া বিষয়া ড০ দ্বীপজ্যোতি গগৈ, ডিব্ৰুগড় জিলা কাৰাটে  সন্থাৰ সভাপতি নিৰেণ ফুকনে আদৰণি জনাইছে বুলি ডিব্ৰুগড় জিলা কাৰাটে  সন্থাৰ সাধাৰণ সম্পাদক অঞ্জন চেতিয়াই জানিবলৈ দি সফল সামৰণি আশা কৰিছে।