ডিব্ৰুগড়ত প্ৰথম পৰ্য্যায়ত চাবুৱা-লাহোৱাল, খোৱাং, টিংখাং আৰু নাহৰকটীয়া বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণ
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ আন আন বিধানসভা সমষ্টিসমৃহৰ লগতে ডিব্ৰুগড় জিলাৰ ৮৭ নং চাবুৱা- লাহোৱাল বিধানসভা সমষ্টি, ৮৯ নং খোৱাং বিধানসভা সমষ্টি, ৯১ নং টিংখাং বিধানসভা সমষ্টি আৰু ৯২ নং নাহৰকটীয়া বিধানসভা সমষ্টিত আজি (১৫-১২-২৪) নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্য্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰথম পৰ্য্যায়ৰ নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত ৮৭ নং চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিত ১৬,০০৫ গৰাকী হিতাধিকাৰী নতুনকৈ সংযোজিত কৰি নতুন ৩৯৪২ টা পৰিয়ালক, ৮৯ নং খোৱাং বিধানসভা সমষ্টিত ১৩,৮১৬ গৰাকী হিতাধিকাৰীক নতুনকৈ সংযোজিত কৰি নতুন ২৩০৩ টা পৰিয়ালক, ৯১ নং টিংখাং বিধানসভা সমষ্টিত ১৩৫৫৩ গৰাকী হিতাধিকাৰীক নতুনকৈ সংযোজিত কৰি ৩১২০ টা পৰিয়ালক, আৰু ৯২ নং নাহৰকটীয়া বিধানসভা সমষ্টিত ১৩৬২১ গৰাকী হিতাধিকাৰীক নতুনকৈ সংযোজিত কৰি ২৯৫৮ টা পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ কৰা হয়। প্ৰথম পৰ্য্যায়ৰ নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিত বিধায়ক পোনাকণ বৰুৱা আৰু বিনোদ হাজৰিকা, ৮৯ নং খোৱাং বিধানসভা সমষ্টিত চক্ৰধৰ গগৈ, ৯১ নং টিংখাং বিধানসভা সমষ্টিত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী তথা টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বড়া আৰু ৯২ নং নাহৰকটীয়া বিধানসভা সমষ্টিত বিধায়ক তৰংগ গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকি হিতাধিকাৰী সকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভনী কৰে। ইয়াৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নতুন ৰেচন কাৰ্ড বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক সম্বোধন কৰি প্ৰদান কৰা ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। অসম চৰকাৰে নতুন হিতাধিকাৰীক খাদ্য সুৰক্ষা আইনৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্রত কেইবাটাও জনমুখী সিদ্ধান্ত গ্রহণ কৰিছে। ইয়াৰ অংশ হিচাপে অসম খাদ্য সুৰক্ষা বিধি ২০২২ৰ সংশ্লিষ্ট দফা সংশোধনী কৰি ৰেচন কার্ড লাভৰ বাবে এটা পৰিয়ালৰ বাৰ্ষিক আয় পূৰ্বে নিৰ্ধাৰিত’ ১ লাখ টকাতকৈ কমৰ পৰা এটা পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখ টকাৰ কমলৈ বৃদ্ধি কৰিছে । পুনৰ ৰাজ্য কেবিনেটে আন এক সংশোধনীৰ জৰিয়তে অসম খাদ্য সুৰক্ষা বিধিৰ ৪ নং বিধিৰ সংশোধন কৰি ৪ লক্ষ টকাতকৈ কম বাৰ্ষিক আয়ৰ সকলো ৰাজ্য চৰকাৰৰ মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজূৰি অৰ্জনকাৰী, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অৱসৰ প্ৰাপ্ত চতুর্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। অসম চৰকাৰে বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম , শিশু গৃহ আদিত আগতে বঞ্ছিত হৈ থকা যোগ্য হিতাধিকাৰীক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ আওতাত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা লৈছে। সেই অনুসৰি এই সকল লোককো নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে। খাদ্য সুৰক্ষা আইনৰ অধীনত দুই ধৰণৰ ৰেচন কাৰ্ড প্ৰদান কৰা হয়। হিতাধিকাৰীৰ আৰ্থিক অৱস্থা অনুসৰি অন্ত্যোদয়া অন্ন যোজনা (AAY) কাৰ্ড বা অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল (PHH) কাৰ্ড এই দুই ধৰণৰ কাৰ্ড প্ৰদান কৰা হয়। প্ৰতিটো অন্ত্যোদয়া অন্ন যোজনা (AAY) পৰিয়ালে প্ৰতিমাহে ৩৫ কিলোগ্ৰামকৈ আৰু প্ৰতিটো অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালৰ (PHH) প্ৰতিগৰাকী সদস্যই প্ৰতিমাহে ৫ কিলোগ্ৰামকৈ বিনামূলীয়া চাউল লাভ কৰে। ইয়াৰ উপৰিও খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কার্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুস্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুস্মান কার্ডৰ জৰিয়তে বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব। একেদৰে ৰেচন কার্ড প্ৰাপ্ত পৰিয়ালৰ যিসকলৰ বৰ্তমানে ৰন্ধন গেছ (LPG) ৰ সংযোগ নাই তেওঁলোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ (PMUY) অধীনত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগৰ সুবিধা লাভ কৰিব ।উজ্জ্বলা আঁচনিত হিতাধিকাৰীয়ে প্ৰথমতে গেছ ষ্টোভ, পাইপ, ৰেগুলেটৰ ১৪.২০ কেজি ওজনৰ গেছ সহ চিলিন্ডাৰ অথবা ৫ কেজি ওজনৰ গেছ সহ দুটা চিলিন্ডাৰ বিনামূলীয়াকৈ লাভ কৰে। লগতে পিছৰবাৰ গেছ ভৰ্ত্তি কৰোঁতে ৩০০/- (তিনিশ) টকা গেছৰ মুঠ মূল্যৰ পৰা ৰেহাই পাবলৈ সক্ষম হব।