ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদৰ নতুন সমিতি গঠন

ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদৰ নতুন সমিতি গঠন:ৰাণা ৰঞ্জন গগৈ সভাপতি আৰু বিতোপন দুৱৰাক সম্পাদক লৈ শক্তিশালী সমিতি গঠন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত  ২৯/০৯/২৪ তাৰিখে অনুষ্ঠিত হোৱা টাই আহোম যুৱ পৰিষদ ডিব্ৰুগড় জিলা কাৰ্যালয়ত জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চ ডিব্ৰুগড় জিলাৰ এখনি পূৰ্ণাংগ সমিতি গঠন কৰা হয়। উক্ত সমিতিত সভাপতি হিচাপে ৰানাৰঞ্জন গগৈ,সাধাৰণ সম্পাদক বিতোপন দুৱৰা আৰু সহ: সম্পাদক ৰিংকু চেতিয়া,সহ: সম্পাদক উত্তম দাসকে ধৰি মুখ্য উপদেষ্টা দয়ানন্দ চেলেং, দুলু হুছেইন, উপসভাপতি ৰমেন বৰুৱা, কৃষ্ণকান্ত ফুকন, দিব্যজ্যোতি বৰুৱাকে ধৰি এখন শক্তিশালী সমিতি গঠন কৰা হয়। ঐক্যমঞ্চৰ এই নতুন সমিতিখনে নতুন ৰূপ ৰেখাৰ ওপৰত ভিত্তি কৰি প্ৰায় এঘাৰ (১১) টা দাবী সমন্নিতে বিভিন্ন দল সংগঠনৰ নেতৃত্ব উপস্থিতিত থাকি বিভিন্ন আলোচনাত মিলিত হৈ অহা ইংৰাজী ৪ অক্টোবৰ শুকুৰবাৰে থলুৱা বজাৰ নিৰ্মাণৰ লগতে অতি শীঘ্ৰে ডিব্ৰুগড়ত লগোৱা স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে এই সভাত। অসমৰ খিলঞ্জীয়া অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত এই সংগ্ৰামখনি শক্তিশালী ৰূপ দিবলৈ এই সভাই সিদ্ধান্ত গ্ৰহণ কৰে।