ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সেৱা পখৱাড়া অভিযানৰ অংশ হিচাপে ‘স্বচ্ছতাই সেৱা’
‘স্বচ্ছতাৰ বাবে জন অংশীদাৰ’
‘চাফাই মিত্ৰ সুৰক্ষা শিবিৰ’ৰ শুভ উদ্বোধন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে ২১-৯-২৪ তাৰিখে ডিব্ৰুগড়ত ‘সেৱা পখৱাড়া’ অভিযানৰ অধীনত আয়োজিত স্বচ্ছতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চহৰখনৰ অসামৰিক চিকিৎসালয়ত ‘স্বচ্ছতাৰ বাবে জন অংশীদাৰ’ৰ অধীনত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণোৱালে চাফাই কৰ্মচাৰী, চৰকাৰী কৰ্মচাৰী আৰু জনসাধাৰণৰ সৈতে মত বিনিময় কৰে আৰু এখন সুস্থ-সৱল ভাৰত গঢ়াৰ অভিযানত সক্ৰিয় ভূমিকা ল’বলৈ সকলোকে আহ্বান জনায়।তেওঁ কয় যে”এখন সুস্থ-সৱল সমাজ গঢ়ি তোলাৰ বাবে ‘স্বচ্ছতা’ক আমি সকলোৱে দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে আঁকোৱালি ল’ব লাগিব। আমাৰ চাৰিওফালৰ পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ বাবে আমি প্ৰতিগৰাকী নাগৰিক দায়বদ্ধ আৰু সংকল্পবদ্ধ হওঁ আহক”,।তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় পৌৰ নিগম আৰু চাবুৱা, তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, নাহৰকটীয়া আৰু নামৰূপৰ বিভিন্ন পৌৰসভাৰ অধীনত কাম কৰা চাফাই কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে ডিব্ৰুগড়ৰ চৌকিডিঙ্গি খেলপথাৰত ‘চাফাই মিত্ৰ সুৰক্ষা শিবিৰৰো শুভ উদ্বোধন কৰে। কেইবা শতাধিক চাফাই কৰ্মচাৰীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে আৰু সোণোৱালে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে। চৰকাৰে চাফাই কৰ্মীসকলৰ সুবিধাৰ্থে সকলো প্ৰয়োজনীয় পদক্ষেপ ল’ব বুলি সোণোৱালে আশ্বাস দিয়ে যাতে তেওঁলোকে চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা লাভ কৰি তেওঁলোকৰ আৰ্থ-সামাজিক সুৰক্ষা নিশ্চিত কৰিব পাৰে। এই শিবিৰত চাফাই কৰ্মীসকলৰ বাবে স্বাস্থ্য পৰীক্ষাকে ধৰি বিভিন্ন কল্যাণকামী ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি সৰ্বানন্দ সোণোৱালে উপস্থিত ৰাইজৰ সৈতে স্বচ্ছতাৰ শপতগ্ৰহণ কৰে। এই শপতগ্ৰহণৰ অংশ হিচাপে সোণোৱালে উল্লেখ কৰে, “মহাত্মা গান্ধীয়ে স্বাধীনতাৰ উপৰি এখন স্বচ্ছ আৰু বিকশিত ভাৰতৰো সপোন ৰচিছিল। গান্ধীজীৰ আদৰ্শেৰে অপৰিচ্ছন্নতাক আঁতৰ কৰি ভাৰত মাতাক সেৱা কৰাটো আমাৰ কৰ্তব্য। আমি শপতগ্ৰহণ কৰি কওঁ যে আমি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সদায় দায়বদ্ধ হৈ থাকিম। আমি প্ৰত্যেকেই প্ৰতি বছৰে ১০০ ঘণ্টা অৰ্থাৎ প্ৰতি সপ্তাহত ২ ঘণ্টাকৈ শ্ৰমদান কৰিম। পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ দিশত আমাৰ একোটি পদক্ষেপে সমগ্ৰ দেশক স্বচ্ছ কৰাত সহায় কৰিব।” অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “স্বচ্ছ ভাৰত অভিযান হৈছে দেশৰ এক অন্যতম গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় আন্দোলন, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সফলতাৰে চলি আহিছে। এখন শক্তিশালী, সুস্থ-সৱল আৰু স্বচ্ছ ভাৰত গঢ়াৰ দিশত দেশবাসীয়ে এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছে। গান্ধীজীৰ আদৰ্শ আৰু আহ্বানৰ দ্বাৰা অনুপ্ৰাণিত হৈ দূৰদৰ্শী নেতা নৰেন্দ্ৰ মোদীয়ে এক দশকৰ আগতে এই অভিযান আৰম্ভ কৰিছিল, যাৰ সফলতাই সামৰি লৈছে সৰ্বস্তৰৰ লোকক। এই বছৰো ‘সেৱা পখৱাড়া’ৰ অংশ হিচাপে আমি ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক বিষয়বস্তু উদযাপন কৰি আছোঁ। এই প্ৰচেষ্টাত আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে আমাৰ চাফাই কৰ্মচাৰীসকল, যিয়ে এই দিশত নিৰন্তৰ কাম কৰি আহিছে। এখন স্বচ্ছ ভাৰত গঢ়াৰ দিশত চাফাই কৰ্মীসকল হৈছে চালিকাশক্তি। দেশজুৰি চলিত ‘সেৱা পখৱাড়া’ অভিযানৰ অংশ হিচাপে ডিব্ৰুগড়ৰ চৌকিডিঙ্গি খেলপথাৰত চাফাই মিত্ৰ সুৰক্ষা শিবিৰৰ শুভ উদ্বোধন কৰি আপ্লুত হ’লোঁ। নগৰ-চহৰ সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত সৱল ভূমিকা লৈ অহা চাফাই কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি আনন্দিত হৈছোঁ। তেওঁলোকেই সমাজৰ প্ৰকৃত নায়ক-নায়িকা। স্বচ্ছতাৰ ক্ষেত্ৰত তেওঁলোকৰ নিৰলস প্ৰচেষ্টাৰ শলাগ লৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ৰূপায়িত ‘স্বচ্ছ ভাৰত অভিযান’ জনস্বাস্থ্যৰ বাবে এক মাইলৰ খুঁটি। এই জনকল্যাণকামী পদক্ষেপৰ ফলত বিগত ১০ বছৰত ৬০,০০০তকৈও অধিক নৱজাতকৰ মৃত্যু ৰোধ হৈছে। মহাত্মা গান্ধীৰ আদৰ্শক সাৰোগত কৰি ভাৰতক সুস্থ-সবল আৰু স্বচ্ছ কৰি তোলাত সক্ৰিয় ভূমিকা পালন কৰিবলৈ প্ৰতিগৰাকী নাগৰিককে আহ্বান জনাইছে।” “যোৱা বছৰ স্বচ্ছতাই সেৱা অভিযানত ১৫ কোটিতকৈও অধিক নাগৰিকে শ্ৰমদান কৰিছিল আৰু ৩২ কোটি লোকে স্বচ্ছতাৰ অভিযানত অংশগ্ৰহণ কৰিছিল। এইবাৰৰ কাৰ্যসূচীত কোৱা হৈছে যে- ‘স্বভাৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা’। অৰ্থাৎ আমি আমাৰ ক্ৰুটিপূৰ্ণ স্বভাৱ বা আচৰণকহে প্ৰথমে সংস্কাৰ কৰিব লাগিব। তেহে দেশৰ স্বচ্ছতাৰ অভিযানে প্ৰকৃত সফলতাৰ মুখ দেখিব। এখন স্বচ্ছ আৰু সুস্থ-সবল ভাৰত গঢ়াৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ১১ কোটিতকৈও অধিক শৌচালয় নিৰ্মাণ হৈছে। অনাময়ৰ যতন ভালদৰে লোৱাৰ ফলত মানুহৰ মাজত ৰোগৰ প্ৰাদুৰ্ভাৱ কমিছে। সেয়েহে শৌচালয়বোৰৰ নাম দিয়া হৈছে ঈজ্জ্বত ঘৰ।”সোণোৱালে লগতে উল্লেখ কৰে।এই অনুষ্ঠানত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীদ্বয় সঞ্জয় কিষাণ আৰু যোগেন মহন, সাংসদ ৰামেশ্বৰ তেলী, বিধায়কদ্বয় প্ৰশান্ত ফুকন আৰু বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ, অসম পেট্ৰ’-কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, জিলা আয়ুক্ত বিক্ৰম কৈৰী, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে কেইবাখনো পৌৰসভাৰ পৌৰপতিসকল আৰু গণ্য-মান্য ব্যক্তিসকল।