ডিব্ৰুগড়ত আৰবান শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে পোষণ মেলা

ডিব্ৰুগড়ত আৰবান শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে পোষণ মেলা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ত আৰবান শিশু উন্নয়ণ প্ৰকল্পৰ উদ্যোগত সমূহ অংগণবাড়ী কেন্দ্ৰৰ সহযোগত দিনজোৰা কাৰ্য্যসূচীৰে ডিব্ৰুগড় পৌৰসভা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে আয়োজন কৰা হয় “পোষণ মেলা”। এই“পোষণ মেলা” কাৰ্যসূচীৰ শুভাৰম্ভ কৰে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰাজীব বৰুৱাই । ৰাজ্য চৰকাৰে শিশু সকলৰ লগতে মাতৃ সকলৰ স্বাস্থ্য সচেতনতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰেই এক অংশ হৈছে  ৰাষ্ট্ৰীয় পোষণ মাহ। এই অনুষ্ঠানৰ জৰিয়তে মাতৃ সকলক সজাগ কৰাৰ চেষ্টা কৰা , যাতে এটি শিশু জন্মৰ পাছত পুষ্টিহীনতাৰ বাবে কোনো ৰোগৰ আক্ৰান্ত নহয়। বিশেষকৈ বজাৰৰ খাদ্যৰ ওপৰত গুৰুত্ব আৰু ৰেচিপি প্ৰতিযোগিতাৰ জৰিয়তে সজাগতা বৃদ্ধিৰ দিশে গুৰুত্ব প্ৰদান কৰি আহিছে। বৰ্তমান ভাৰতীয় খাদ্যাভ্যাসত ফাষ্ট ফুডে বিশেষ স্থান দখল কৰি আহিছে তথা এই ফাষ্ট ফুড কি দৰে পুষ্টিকৰ খাদ্যৰূপে পৰিবৰ্তিত কৰিব পাৰি এই বিষয়ে অনুষ্ঠিত খাদ্য মেলাত বিশেষকৈ অংগনবাড়ী কৰ্মী সকলৰ পৰিবৰ্তে হিতাধিকাৰী সকলে নিজে প্ৰস্তুত কৰা খাদ্য প্ৰদৰ্শন কৰা হয়। লগতে নেপালী থালি, বেংগলী থালি, অসমীয়া থালিও প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে পোষণ মাহ উপলক্ষে শিশু আৰু মাতৃৰ পুষ্টিকৰ আহাৰক লৈ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত প্ৰায় দুশৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।