ডিব্ৰুগড়ত আম আদমি পাৰ্টিৰ পাচঁ শতাধিক দলীয় কৰ্মীৰ দল ত্যাগ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰ গঠনৰ সপোনেৰে অসমত ক্ৰমে প্ৰসাৰতা লাভ কৰা আম আদমি পাৰ্টিত অসমত বিভাজনৰ লগতে দলত্যাগ কৰাৰ ঢৌ উঠিছে। ডিব্ৰুগড়ত পাঁচখন পঞ্চায়তৰ পাঁচ শতাধিকে সমুহীয়াভাৱে পদত্যাগ কৰে ।ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰৰ গৃহ জিলাতে একেলগে পাঁচ শতাধিক দলীয় কৰ্মীয়ে দলত্যাগ কৰে। ডিব্ৰুগড় জিলাখনৰ পাচঁখন পঞ্চায়ত ক্ৰমে ডিব্ৰুগড় মাইজান গাঁও পঞ্চায়ত, কানাই গাঁও, মোহনবাৰী গাঁও পঞ্চায়ত, চিৰিং দাইনীজান গাঁও পঞ্চায়ত, হিলৈধাৰী গাঁও পঞ্চায়তৰ লগতে চাবুৱা, লাহোৱালৰ ব্লক সভাপতি বিমল হাজৰিকা আৰু জিলাৰ সাধাৰণ সম্পাদক অমিত কুমাৰ বৰুৱাৰ নেতৃত্বত পদত্যাগ কৰি ডিব্ৰুগড় সাহিত্য সভা ভৱনত ৪ আগষ্টত এক সংবাদ মেলৰ জৰিয়তে অৱগত কৰি অসমত আপৰ কেতিয়াও ভৱিষ্যত নাই বুলি দলত্যাগী সকলে কয় লগতে অসমত আপৰ দৰে দলে কেতিয়াও প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে বুলি বিশ্বাস কৰি দলত্যাগ কৰা বুলি কয়। আনহাতে শেহতীয়াকৈ উজনিত আপৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰৰ একপক্ষ, একনায়কত্ব বাদৰ অভিযোগত এই সিদ্ধান্ত লোৱা বুলি কয়। যি সকল কৰ্মীয়ে আপৰ প্ৰতি আকৃষ্ট হৈ দললৈ নতুনকৈ গৈছিল সেই সকল পুনৰ দল ত্যাগ কৰা বুলি কৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপে ৱাৰ্ড সদস্য খেলিবলৈকো নিজৰ দলীয় প্ৰাৰ্থী নাপাব বুলি অভিযোগ কৰে। আনহাতে দলত্যাগ কৰা প্ৰায় পাঁচ শতাধিকে অতি শীঘ্ৰেই আন ৰাষ্ট্ৰীয় দললৈ যাব বুলিও সংবাদ মেলতে অৱগত কৰে।