ডিব্ৰুগড়ত “আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস” উদযাপন
এম হাছিম আলী , ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগ ডিব্ৰুগড়, জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত তথা প্ৰেৰণা প্ৰতিবন্ধী এন জি ওৰ সৌজন্যত “আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস” আজি (৩-১২-২৪)গ্ৰামোন্নয়ন অভিকৰণৰ সভাগৃহত উদযাপন কৰা হয়। “আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস”ৰ কাৰ্য্যসূচীত জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত দুগৰাকী বিশেষভেবে সক্ষম ব্যক্তিক একোখনকৈ ট্ৰাইচাইকেল আৰু এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক হুইলচেয়াৰ প্ৰদান কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে বিশেষভেবে সক্ষম শিশু তথা ব্যক্তিসকলক সমাজৰ একোজন মানৱ সম্পদ বুলি উল্লেখ কৰি কয় যে, এইসকল বিশেষভাবে সক্ষম ব্যক্তি তথা শিশুৰ বাবে এশ শতাংশ সা-সুবিধা সুনিশ্চিত কৰিবলৈ হ’লে সকলোৱে সন্মিলিত প্ৰচেষ্টা হাতত ল’ব লাগিব। জিলা আয়ুক্তগৰাকীয়ে বিশেষভাবে সক্ষম ব্যক্তিসকলে এই অনুষ্ঠানত অৱগত কৰা বিভিন্ন অসুবিধাসমূহৰ সমাধানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও উল্লেখ কৰে। আনহাতে, বিশেষভাবে সক্ষম ব্যক্তি তথা শিশুসকলৰ কল্যাণৰ বাবে অহৰ্নিশে প্ৰচেষ্টা আগবঢ়াই যোৱাৰ বাবে প্ৰেৰণা প্ৰতিবন্ধী এন জি ও কো জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। “আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস”ৰ কাৰ্য্যসূচীত নিৰ্বাচনী বিষয়া প্ৰাঞ্জীল গগৈ, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত সমাজকল্যান বিষয়া সুপ্ৰিয়া বাউলাৰী, নাৱাৰ্ডৰ ডিব্ৰুগড় জিলা উন্নয়ন প্ৰৱন্ধক প্ৰণয় বৰদলৈ, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব অভিজিৎ শইকীয়া, অসম চিকিৎসা মহাবিদ্যালয়ৰ অস্থি বিভাগৰ চিকিৎসক ডাঃ বিপুল বৰঠাকুৰ, ডিব্ৰুগড় লায়ন্স ক্লাৱৰ ডাঃ পি কে চৌধুৰী, শংকৰদেৱ চিকিৎসালয়ৰ হৃদয়ানন্দ মহন্ত, প্ৰেৰণা প্ৰতিবন্ধী এন জি ওৰ সভাপতি বিৰু কুমাৰ সিং, সচিব মহেশ কৈৰী প্ৰমূখ্যে কেইবাগৰাকী বিশেষভেবে সক্ষম শিশু আৰু ব্যক্তি উপস্থিত থাকে।