ডিব্ৰুগড়ত আগন্তুক শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ প্ৰস্তুতি আৰু আয়োজন সন্দৰ্ভত সভা
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত অসীম বৰগোহাঁইৰ সভাপতিত্বত ২৩-৯-২৪ তাৰিখে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আগন্তুক ২০২৪ বৰ্ষৰ দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি আৰু আয়োজন সন্দৰ্ভত জিলাখনৰ সকলো দুৰ্গা পূজা কমিটিৰ বিষয়ববীয়াৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হয়। বৈঠকত পূজা উদযাপনৰ সময়ত সৰ্বসাধাৰণ ৰাইজৰ সুৰক্ষা, যানবাহন নিয়মাৱলী, পূজা মণ্ডপ সমূহৰ নিৰাপত্তা, পোহৰৰ ব্যৱস্থা, প্ৰতিমা বিসৰ্জন আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। প্ৰতিটো বৰ্ষৰ দৰে এই বছৰো দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কিছু নিয়মাৱলী জাৰি কৰিছে । সেই অনুসৰি পূজা কমিটি সমূহে জিলা প্ৰশাসনৰ পৰা আগতীয়াকৈ প্ৰয়োজনীয় অনুমতি লোৱাৰ লগতে সংশ্লিষ্ট বিভাগ সমূহৰ পৰাও আপত্তি বিহীন প্ৰমাণ পত্ৰ (NOC) সমূহ সংগ্রহ কৰিব লাগিব। পূজা কমিটি সমূহক ৩ অক্টোবৰৰ ভিতৰত অনুমতিৰ বাবে আবেদন জনাবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। প্ৰতিটো পূজা মণ্ডপত চি চি টিভি লগোৱাটো বাধ্যতামূলক কৰা হৈছে। অগ্নি নিৰ্বাপনৰ সামগ্ৰী পূজা মণ্ডপ সমূহত মজুত ৰখাৰ লগতে পূজা মণ্ডপত ৰাইজৰ বাবে বিশুদ্ধ খোৱাপানীৰো সুব্যৱস্থা কৰিব লাগিব। পূজা মণ্ডপসমূহত পুৰুষ আৰু মহিলাৰ বাবে প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পৃথক ব্যৱস্থা কৰিব লাগিব। পূজা কমিটিসমূহে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু পৰ্যাপ্ত ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগিব। পূজা মণ্ডপ নিৰ্মাণৰ সময়ত ৰাজহুৱা সম্পত্তিৰ ক্ষয় ক্ষতি কৰিব নোৱাৰিব । পূজা মণ্ডপৰ চাৰিওফালে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিব লাগিব। দেৱীৰ প্ৰতিমাসমূহ প্ৰকৃতিৰ অনুকূল সামগ্রীৰে নিৰ্মিত হব লাগিব। পূজা মণ্ডপত উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰৰ ব্যৱহাৰ কৰিব নোৱাৰিব । পূজা কমিটি সমূহে পৰ্য্যাপ্ত পৰিমাণৰ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব আৰু স্বেচ্ছাসেৱক সকলৰ নাম নিকটৱৰ্তী আৰক্ষী থানাত আগতীয়াকৈ জমা দিব লাগিব। পূজা কমিটি সমূহে নিশা পূজা মণ্ডপত সুৰক্ষাৰ যাৱতীয় ব্যৱস্থা কৰাৰ লগতে পূজা মণ্ডপৰ ওচৰে পাজৰে যাতে মাদক দ্ৰব্য বিক্ৰী তথা ব্যৱহাৰ নহয় তাৰ ওপৰত চোকা নজৰ ৰাখিব লাগিব। জৰুৰীকালীন ফোন নম্বৰ, জিলা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ (০৩৭৩-২৩১২৯৪০/ ৯৪৩৫৩৫৮৩৭১) ৰাইজৰ সুবিধাৰ্থে পূজা মণ্ডপত সকলোৱে দেখাকৈ প্ৰদৰ্শিত কৰি ৰাখিব লাগিব। বিসৰ্জনৰ সময়ত কোনোধৰণৰ ডি.জেৰ ব্যৱহাৰ কৰিব নোৱাৰিব। চক্ৰ বিষয়াসকলে নিজ নিজ ৰাজহচক্ৰৰ এলেকাসমূহত আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ চোকা নজৰ ৰাখিব লাগিব। অতিৰিক্ত জিলা আয়ুক্ত অসীম বৰগোহাঁইয়ে জিলাখনত শান্তি -শৃংখলা বজাই ৰাখি আগন্তুক দুৰ্গা পূজা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাত সকলোৰে সহায় -সহযোগিতা আন্তৰিকতাৰে কামনা কৰে। এই বৈঠকত অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষ প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়ববীয়া, ডিব্ৰুগড় জিলাৰ আটাইকেইটা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকল, আৰক্ষীৰ যান-বাহন শাখা, অগ্নিনিৰ্বাপক বাহিনী, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ , লোকনিৰ্মান (পথ) আৰু লোকনিৰ্মাণ (গৃহ) বিভাগ, জনস্বাস্থ্য-কাৰিকৰী বিভাগ, আৱকাৰী, প্ৰদূষণ নিয়ন্ত্ৰণ, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তথা পৌৰসভাৰ লগতে পৰিবহন বিভাগৰ মূৰব্বী বিষয়াসকল আৰু পূজা কমিটিসমূহৰ সভাপতি, সম্পাদক আৰু সদস্য সকল উপস্থিত থাকে।