ডিব্ৰুগড়ত আক্ৰাছু আৰু বিজেপিৰ উদ্যোগত মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক চিলাৰায় দিৱস উদযাপন
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ভাৰতীয় জনতা পাটিৰ ডিব্ৰুগড় জিলা সমিতিৰ যৌথ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত বিশ্ব বৰেণ্য মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক চিলাৰায় দিৱস আজি(১২-২-২৫) উদযাপন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি কবি-সাহিত্যক বিজু শৰ্মালৈ বীৰ-চিলাৰায় বঁটা প্ৰদান কৰা হয়। ভাৰত বিজয়ৰ সপোন দেখা বীৰ চিলাৰায়ৰ স্মৃতিয়ে জাতীয় জীৱনক উদ্যমী আৰু অগ্রগামী কৰি ৰাখিবৰ বাবে প্রতি বছৰেই চিলাৰায় দিৱস অসমবাসীয়ে উদ্যাপন কৰি আহিছে। প্ৰতি বছৰৰ দৰে এইবাৰো সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু আৰু ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লগতে ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত বীৰ শুক্লধ্বজ ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে চিলাৰায় দিৱস উদযাপন কৰা হয়। দ্বিতীয় দিনা কাৰ্য্যসূচী অনুসৰি চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে অনুষ্ঠিত হয় মুকলি সভা। মকুলি সভাখন উদ্বোধন কৰে অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাই । সভাত লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁই, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণ অধ্যক্ষ অসীম হাজৰিকা প্ৰমূখ্য কৰি বহকেইগৰাকী গন্যমাণ্য ব্যক্তি উপস্থিত থাকে। সভাত চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি প্ৰশান্ত শইকীয়াৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ “কমতা” উন্মোচন কৰে সন্মানীয় অতিথি ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোঁহাইয়ে। আনহাতে সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই বীৰজনাৰ দিৱসত শিক্ষা,সাহিত্য-সংস্কৃতিৰ দিশত সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা জিলাখনৰ বিশিষ্ট ব্যক্তিক প্ৰতি বছৰে একোটিকৈ চিলাৰায় বটাঁ প্ৰদান কৰি অহা হৈছে। চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ মুকলি সভাত বিশিষ্ট কবি বিজু শৰ্মাক মৰান মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰাজীৱ হাজৰিকাৰ পিতৃ সাংস্কৃতিক কৰ্মী প্ৰয়াত শুভেশ্বৰ হাজৰিকা স্মৃতিত এই বটাঁ প্ৰদান কৰা হয়।