ডিব্ৰুগড়ত”আৰোহণ” আচঁনিৰ অধীনত মেণ্টী আৰু মেণ্টৰৰ সৈতে জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ মত বিনিময় অনুষ্ঠান:: কঠোৰ পৰিশ্ৰম, নিৰন্তৰ প্ৰচেষ্টা জীৱনত সফলতা আৰু লক্ষ্য প্ৰাপ্তিৰ মূল চাবিকাঠিঃ জিলা আয়ুক্ত বিক্ৰম কৈৰী
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত “আৰোহণ” আচঁনিৰ অধীনত মেণ্টী আৰু মেণ্টৰৰ সৈতে জিলা আয়ুক্তৰ মত বিনিময় অনুষ্ঠান ২২ অক্টোবৰত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অসম চৰকাৰৰ ‘আৰোহণ আঁচনি’ হৈছে মাধ্যমিক শিক্ষাখণ্ডৰ মানদণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা এক উচ্চাকাংক্ষী কাৰ্যসূচী। ইয়াৰ দ্বাৰা দুৰ্গম গাঁও অঞ্চল আৰু দুখীয়া পৰিয়ালৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক অনুসন্ধান কৰি, তেওঁলোকৰ শিক্ষাগত বৃত্তিৰ পৰ্যবেক্ষণ কৰাৰ লগতে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ বাবে পৰামৰ্শদাতা-মেণ্টি কাৰ্যসূচীৰে মতবিনিময় কাৰ্য্যসূচীত জিলাখনৰ ১৬০ গৰাকী মেণ্টৰ আৰু মেণ্টিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে পৰামৰ্শদাতা হিচাপে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যত গঢ় দিবলৈ কেনেদৰে আহোপুৰুষাৰ্থ কৰিব লাগে সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। ছাত্ৰ- ছাত্ৰীসকলে বিদ্যালয় পৰ্যায়ৰ পৰাই সকলো বিভ্ৰান্তি পৰিহাৰ কৰি নিজৰ শৈক্ষিক ভেটিৰ গঢ় দিব লাগিব বুলিও জিলা আয়ুক্তই উপদেশ আগবঢ়ায়। কঠোৰ পৰিশ্ৰম, নিৰন্তৰ প্ৰচেষ্টা জীৱনত সফলতা আৰু লক্ষ্য প্ৰাপ্তিৰ মূল চাবিকাঠি বুলিও তেওঁ উল্লেখ কৰে। ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্য কৰি তেওঁ কয় যে, জীৱনত ইপ্সিত লক্ষ্যত উপনীত হোৱাৰ পথত অনেক বাধা আৰু হতাশা আহিব পাৰে, কিন্তু মনোবল অটুট ৰাখি নিজৰ লক্ষ্য পথত আগুৱাই গ’লেহে সফলতা লাভ কৰিব পাৰিব। তেওঁ যিকোনো পৰিস্থিতিতে ছাত্ৰ- ছাত্ৰীসকলক আত্মবিশ্বাস নেহেৰুৱাবলৈ পৰামৰ্শ আগবঢ়ায়। জিলা আয়ুক্তই উপস্থিত ছাত্ৰ- ছাত্ৰীসকলে সোধা বিভিন্ন প্ৰশ্নৰো উত্তৰ প্ৰদান কৰে। আনহাতে, মতবিনিময় অনুষ্ঠানত ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ যুতীয়া সচিব বিশ্বজিৎ ফুকনে ছাত্ৰ- ছাত্ৰীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ লগত সম্বন্ধিত এক মনোগ্ৰাহী পাৱাৰ পইন্ট প্ৰেজেনটেচন আগবঢ়োৱাৰ লগতে ছাত্ৰ- ছাত্ৰীসকলৰ সৈতে মতবিনিময় কৰি সোধা বিভিন্ন প্ৰশ্নৰ শুদ্ধ উত্তৰ দিওঁতাসকলক পুৰস্কাৰ আগবঢ়ায়। এই অনুষ্ঠানত মহকুমাধিপতি সদৰ অৰিজিৎ মহাজন, অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) সংঘমিত্ৰা বৰুৱা, নিৰ্বাচনী বিষয়া প্ৰাঞ্জিল গগৈ, বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰা, সহকাৰী আয়ুক্ত নয়নমণি দত্ত প্ৰমূখ্যে শিক্ষা বিভাগৰ অন্যান্য বিষয়াবৰ্গও উপস্থিত থাকে।