ডিব্রুগড়ত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ৩২ টা সমষ্টিৰ সীমাৰ পুননিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত বৈঠক
এম হাছিম আলী,ডিব্ৰুগ়ড,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত তথা অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা বিভাগ (ভৈয়াম) ৰ দ্বাৰা সোণোৱাল- কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ পৰিষদৰ ৩২ টা সমষ্টিৰ আঞ্চলিক সীমা নিৰ্ধাৰণৰ বাবে মনোনীত বিষয়া তথা জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত আজি( ৭_৬_২৪) সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ৬৯২ খন গাওঁৰে গঠিত ৩২ টা সমষ্টিৰ আঞ্চলিক সীমা নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত প্ৰথমখন বৈঠক ডিব্রুগড় জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। উক্ত সভাত তিনিচুকীয়া, ধেমাজী, লক্ষীমপুৰ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট সমন্বিত জনজাতীয় উন্নয়ন প্ৰকল্পৰ প্ৰকল্প সঞ্চালকসকলৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে থাকে। উল্লেখযোগ্য যে, ইতিমধ্যে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত তথা অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা বিভাগ (ভৈয়াম) ৰ দ্বাৰা মনোনীত বিষয়াগৰাকীয়ে এক জাননী যোগে চৰকাৰী নিৰ্দেশনা অনুসৰি ৬৯২ খন গাওঁৰে গঠিত ৩২ টা সমষ্টিৰ আঞ্চলিক সীমা নিৰ্ধাৰণৰ খচৰা ৩০ মে’ তাৰিখে প্ৰকাশ কৰিছে। আনহাতে, এই সন্দৰ্ভত কিবা ওজৰ-আপত্তি থাকিলে ৩০ জুন তাৰিখৰ ভিতৰত দাখিল কৰিব লাগিব আৰু ৭ জুলাইৰ (অন্তিম তাৰিখ) ভিতৰত প্ৰাপ্ত ওজৰ আপত্তিৰ নিষ্পত্তি কৰা হ’ব। এই সভাত জিলা আয়ুক্তই সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সমষ্টিসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বিভিন্ন জিলাৰ পৰা অহা বিষয়াসকলৰ সৈতে বিতংভাবে আলোচনা কৰে। সভাত ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, ডিব্রুগড় জিলাৰ জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্ম, গোলাঘাট জিলাৰ জিলা উন্নয়ন আয়ুক্ত বিবেক শ্যাম, যোৰহাট জিলাৰ জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰয়, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ সোণোৱাল , অতিৰিক্ত জিলা আয়ুক্ত লক্ষীমপুৰ গৌতম প্ৰিয়ম মহন্ত, অতিৰিক্ত জিলা আয়ুক্ত শিৱসাগৰ দ্যুতিভা বৰা, অতিৰিক্ত জিলা আয়ুক্ত ধেমাজী যাদৱ পেগু, সহকাৰী আয়ুক্ত সুপ্ৰিয়া বাউলাৰী প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ অন্যান্য বিষয়া তথা প্ৰতিনিধি উপস্থিত থাকে।