ডিজু চাহ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক প্ৰয়াত বিতুল কুমাৰ হাতীবৰুৱাৰ আদ্যশ্ৰাদ্ধ সম্পন্ন
নীতি নিয়ম অনুসৰি আত্মীয় স্বজন পৰিয়াল বৰ্গই আদ্যশ্ৰাদ্ধ সম্পূৰ্ণ কৰে যদিও বিদ্যালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ ১৬ মে ২০২৫ তাৰিখ শুক্ৰবাৰে বিদ্যালয়খনত তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ কামনাৰে আদ্যশ্ৰাদ্ধ সম্পন্ন কৰে। উক্ত অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়খনৰ বিষয় শিক্ষক জিতুল আহমেদে।জিতুল আহমেদে আঁত ধৰা অনুষ্ঠানতোৰ শুভাৰম্ভণি কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক পদ্ম সোণোৱালে। ১৯৯৬ চনতেই বিতুল কুমাৰ হাতীবৰুৱাৰ নেতৃত্বত স্থাপন হোৱা ডিজু চাহ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়খনৰ বিষয়ে বিতংকৈ কোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিগত বছৰৰ দৰে ২০২৫ বৰ্ষৰ শিক্ষাৰ্থী সকলৰ যি ফলাফল ৭৫ গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগ তাৰে ১১ গৰাকী ষ্টাৰ মাৰ্ক,১১৪ গৰাকী দ্বিতীয় বিভাগ , বিজ্ঞান ৪৭ গৰাকী ,অংক ৭ গৰাকী, অসমীয়া ১১ গৰাকী,সমাজ বিজ্ঞান ১৮ গৰাকী, ভূগোল ২ গৰাকী, ইংৰাজী ২ গৰাকী, হিন্দী বিষয়ত ২ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হোৱা স্বত্বেও আজি পৰ্যন্ত বিদ্যালয়খন প্ৰাদেশিকীকৰণ নোহোৱাৰ হেতুকে এক জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় পাঁচ মাহ ধৰি শিক্ষক বিতুল কুমাৰ হাতীবৰুৱা চিকিৎসাধীন হৈ আছিল যদিও অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰিব নোৱাৰাৰ দুখত মৃত্যুক আকোঁৱালি লব লগা যি পৰিস্থিতি সেই পৰিস্থিতিক লৈ তেখেতে দুখ প্ৰকাশ কৰি অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নলীন বৰাই শ্ৰদ্ধাঞ্জলি জনাই কয় যে জন্মৰ বিপৰীতে মৃত্যুৰ চিৰন্তন নীতি।প্ৰকৃতিৰ নিয়ম অনুসৰি চমু জীৱনকালতে কালজয়ী পুৰোধা ব্যক্তিৰ আৰ্বিভাৱে একোটা যুগজয়ী যুগৰ তথা মানৱ সভ্যতাৰ সূচনা কৰি থৈ যায়। নতুন পুৰুষৰ বাবে দি থৈ যায় নৈতিক আদৰ্শ।শিকাই থৈ যায় সু-শৃংখলিত ৰূপত জীয়াই থকাৰ মূলমন্ত্ৰ। তেনে ব্যক্তিয়ে মৃত্যুকো জয় কৰি উজ্জীৱিত হৈ থাকে উজ্জ্বল জ্যোতিষ্ক হৈ। মৃত্যুৰ চিৰন্তন সত্যক অকপট স্বীকাৰ কৰি জীৱন নাটৰ পৰিসমাপ্তিৰ এক সুকীয়া চিত্ৰ তুলি ধৰি মৃত্যুও এক শিল্প এই কথাকেই প্ৰতিপন্ন কৰি থৈ গ’ল প্ৰয়াত বিতুল কুমাৰ হাতীবৰুৱাই।বিনা বেতনে বছৰ বছৰ ধৰি শিক্ষকতাৰ দৰে এটা পৱিত্ৰ বৃত্তিত নিজকে সমৰ্পন কৰি জীৱিত কালছোৱাত সাধ্যানুসাৰে ভৱিষ্যত জীৱনৰ শ্ৰী বৃদ্ধিত অৰিহণা যোগাই জ্ঞানচক্ষুৰ জ্যোতিৰে সমাজৰ অন্ধকাৰ বিনাশি পোহৰৰ বাট কাটি শিক্ষক হিচাপে যি ত্যাগ আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি জীৱন উৎসৰ্গা কৰিলে তেখেত কায়িক ভাৱে নাথাকিলেও তেখেতৰ জন্ম আৰু মৃত্যুৰ যি সুন্দৰতা, তেখেতৰ জীৱনাদৰ্শ সমাজখনে সদায় মনত ৰাখিব।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আছিল নৱৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন বৰা, গড়মূৰ জনজাতি হাই স্কুলৰ প্ৰধান শিক্ষক নিৰেন নেওঁগ,বামুন দলনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত মৰাং, উত্তৰ নাওবৈচা হাইস্কুলৰ প্ৰধান শিক্ষক ম: ফিৰোজ খান, মধ্য ৰঙানদী হাইস্কুলৰ প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ নাথ, লখিমপুৰ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নাওবৈচাৰ ব্লক সচিব পংকজ শৰ্মা বৰুৱা, দিখৌমুখীয়া প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক উপেন দাস,সমাজ কৰ্মী দত্তৰাম দাস, মই: খাইৰুল ইছলাম,ৰঙানদী জিলা পৰিষদ সদস্য ৰাজু মাহাতু, সমন্বয়ক,ডিজু মণ্ডল সমল কেন্দ্ৰ,ম: নাছিৰুদ্দিন আহমেদ, পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপ প্ৰধান নৰেন বৰা, বিষয় শিক্ষক ৰঞ্জিত বৰুৱা, জ্ঞানজ্যোতি একাডেমীৰ শিক্ষক বিষেশ্বৰ গগৈ ,শংকৰদেৱ শিশু নিকেতন ,ডিজু সমূহ আচাৰ্য, আচাৰ্যা,ডিজু চাহ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বৃহত্তৰ ডিজু অঞ্চলৰ অনান্য বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী সকলে প্ৰয়াত বিতুল কুমাৰ হাতীবৰুৱাৰ বিদেহ আত্মাৰ সদগতিৰ কামনাৰে একাজলী অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনায়। ধেমাজি, মাছখোৱাৰ সূদৰ্শন হৰিনাম দ’লে কেইবা ঘণ্টাজুৰি হৰি নামৰ ভক্তি ৰস বোৱাই বৈকুণ্ঠ ধামলৈ পৰিণত কৰে ডিজু উচ্চ মাধ্যমিক বিদ্যালয় চৌহদ।