ডিচেম্বৰ শীত নষ্টালজিয়া
নিৰ্মালি বৰা হাজৰীকা,নগাঁও
কেলেণ্ডাৰৰ শেষ পৃষ্ঠা ডিচেম্বৰ।এটি বছৰৰ অন্তিম মুহূত্ত।এটি বছৰে বাগৰ সলাব।স্মৃতি হৈ পৰিব বহু ঘটনা।বহু গুচি গ’ল কেতিয়াও কেতিয়াও নহাৰ বাটেৰে।শীতৰ কুৱলী সনা পুৱা শেৱালী বুটলাৰ প্ৰতিযোগিতা ।কাৰ কিমান বেছি ফুল।প্ৰকৃতিৰ নিয়ম গতিশীলতা।সকলো গতি কৰে।কোনো ৰৈ নাথাকে।স্বপ্ন দুস্বপ্নৰ বাট বগাই আগুৱাই যাও।আশাৰ বাটত কেতিয়াবা কাইটে চিৰাচিৰ কৰে হৃদয় আকৌ কেতিয়াবা গোলাপৰ পাহিয়ে মিচিকিয়াই হাহেঁ।
সন্মুখত এটি নতুন বছৰ।নতুন আশা নতুন প্ৰত্যশা!
শীত আহিলেই মনটো নষ্টালজিক হৈ পৰে।মনটো উৰা মাৰে শৈশৱৰ দিনবোৰলৈ।সোণালী ধাননীৰ মাজে মাজে ঘুৰি ফুৰা।পথাৰত খোৱা সেই জলপানৰ জুতি ।সকলো যেন নিভাজ সৰল আছিল।ডিচেম্বৰত বছেৰেকীয়া পৰীক্ষা শেষ হৈছিল।মনত কোনো চাপ নোহোৱাকৈ সৈই দিনবোৰ খেলা ধেমালি কৰি উপভোগ কৰিব পাৰিছিলো।তেতিয়া গাৱঁৰ প্ৰতি ঘৰ মানুহৰ ঘৰতেই কম বেছি পৰিমাণে ধান খেতি কৰিছিল।ধান চপাই ঘৰলৈ ন মুঠি চপাই আনিছিল।আৰু ইঘৰ সিঘৰত বাৰিৰ শাক পাচলি পুখুৰীৰ মাছ আদিৰে ন খোৱা পৰ্বৰ আয়োজন হৈছিল।বৰ মধুৰ দিন আছিল সেইবোৰ।ডাঙৰ বহল চোতাল খনত এতিয়া কংক্ৰিটৰ দেৱাল।মনবোৰ হৈ পৰিল সংকীৰ্ণ।
গতিশীল সময়ৰ বোকোচাত উঠি আমি গতি কৰো।নতুন আশা লৈ জীৱন জীয়াব লাগিব।সৰু সৰু সুখতেই বিছাৰিব লাগিব জীৱনৰ উছাহ।