ডিগবৈৰ ইন্ডিয়ান অইল কোম্পানীৰ অৱসৰপ্ৰাপ্ত বিষয়া,সমাজকৰ্মী ইমদাদ হুছেইনৰ পৰলোক 

ডিগবৈৰ ইণ্ডিয়ান অইল কোম্পানীৰ অৱসৰপ্ৰাপ্ত বিষয়া,সমাজকৰ্মী ইমদাদ হুছেইনৰ পৰলোক 
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিগবৈ ২ নম্বৰ বৰবিল নিবাসী ইমদাদ হুছেইন (ফ্লৰেন্স)  স্বাস্থ্য জনিত কাৰণত  কিছুদিন অসুস্থ হৈ থকাৰ পাছত ৯-১১-২৪ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স  আছিল ৬৬ বছৰ।  ১৯৫৮ চনৰ ২ এপ্ৰিলত ডিগবৈত জন্ম গ্ৰহণ কৰা সমাজকৰ্মী ইমদাদ হুছেইনে ডিগবৈ ল’ৰাৰ হাইস্কুলত পঢ়াশুনা কৰাৰ পিছত শিৱসাগৰৰ জয়সাগৰ কলেজত বিএচছি ডিগ্ৰী কৰি পিছত ডিগবৈলৈ ঘূৰি আহি ডিগবৈৰ ইন্ডিয়ান অইল কোম্পানীত ১৯৭৮ চনত চাকৰিত যোগদান কৰি ২০১৮ চনত সেই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁৰ পিতৃ প্ৰয়াত মুখটাৰ হুছেইন(জান)ৰ বৰপুত্ৰ ইমদাদ হুছেইনে মৃত্যুৰ সময়ত ৪ জন ভাতৃ,এগৰাকী ভগ্নী,এজন পুত্ৰ আৰু এজনী কণ্যাৰ লগতে নাতি নাতিনীসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। আজি স্থানীয় ডিগবৈ জামা মছজিদ কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰে।