ডাৱৰ
বিপ্লব শৰ্মা
ডাৱৰবোৰ কেতিয়াবা চাপি আহে
সুউচ্চ পাহাৰৰ বুকুলৈ
ঠিক এনেদৰেই ।
এইয়াই জানো
প্ৰেম নহয় ডাৱৰ আৰু পাহাৰৰ ?
ডাৱৰবোৰ চাপি আহে
পাহাৰৰ অভিমান ভাঙিবলৈ
আৰু পাহাৰে অভিমান এৰি
আৱেগিক হৈ
দুহাত মেলি বুকুত সাৱটি লয়
প্ৰেম হৈ অহা সেই ডাৱৰক
আৰু সৃষ্টি কৰে
প্ৰণয়ৰ এজাক চেঁচা বৰষুণ।