ডঃ মনমোহন সিঙৰ মৃত্যুত ৰাইজৰ দলৰ শোক প্ৰকাশ

ডঃ মনমোহন সিঙৰ মৃত্যুত ৰাইজৰ দলৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ তথা বিশ্বৰ অন্যতম অৰ্থনীতিবিদ ড° মনমোহন সিঙৰ দেহৱসানত গভীৰ শোক প্ৰকাশ কৰিছে ৰাইজৰ দলে। এক শোকবাৰ্তাত দলৰ সভাপতি অখিল গগৈ, কাৰ্য্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকনে কয় দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ভাৰতৰ ৰাজনীতিত এক সুকীয়া স্থান পাইছিল, তেখেত এজন বিশ্ব বিখ্যাত অৰ্থনীতিৰ পণ্ডিতো আছিল। বিত্তমন্ত্ৰী হিচাপে আৰু পাছত প্ৰধানমন্ত্ৰী হিচাপে ড° সিঙে বিশ্ব অৰ্থনীতিত মণ্ডাৱস্থাতো ভাৰতৰ অৰ্থনৈতিক স্থিতি স্থিৰ কৰি ৰাখিবলৈ সক্ষম হৈছিল। কেৱল ৰাজনীতি জগত খনৰ বাবে নহয় এয়া বিশ্বৰ বৌদ্ধিক জগতখনৰ বাবেও এক অপূৰণীয় ক্ষতি। ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰয়াত সিং দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ