ডঃ মনমোহন সিঙৰ মৃত্যুত অসম জাতীয় পৰিষদৰ শোক
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে ডঃ সিঙৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি। এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে ডঃ সিঙে আগবঢ়োৱা সেৱা ভাৰতৰ মানুহে চিৰদিন মনত ৰাখিব বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে এগৰাকী অৰ্থনীতিবিদ হিচাপে তেওঁ আগবঢ়োৱা অৱদানক সমগ্ৰ বিশ্বই সদায় স্মৰণ কৰিব। তেওঁৰ স্থান পূৰণ কৰাটো সম্ভৱ নহয়।