ঠিকনা
জীৱনৰ শেষ বিন্দু শোণিত থকা লৈকে
গঢ়া সম্পত্তিৰ পাহাৰটো,
জানো তোমাৰ শেষ ঠিকনা?
সোঁৱে-বাঁওৱে ঐশ্বৰ্য বিভূতিৰে ভৰি থকা,
বাটৰুৱাই ৰ’লাগি চোৱা অট্টালিকাটো
তোমাৰ হৈ থাকিব জানো?
পো-বোৱাৰী,নাতি-নাতিনীৰে ভৰা
সংসাৰ খন জানো সঁচাই তোমাৰ?
হেঁপাহৰ এই সকলো সম্পদ এৰি,
যিদিনা তুমি চকু মুদি
শ্মশানত জিৰাবা।
সেয়াহে তোমাৰ প্ৰকৃত ঠিকনা হ’ব।
ময়ূৰাক্ষী গগৈ।
যোৰহাট।