টোপনি নাহিলে নিশাটো বৰ দীঘলীয়া
সুতীৰ্থ মাধৱ দত্ত
শিৱসাগৰ।
টোপনি নাহিলে
নিশাটো ইমান দীঘল
ছটফটাই ছটফটাই এডিঙি আন্ধাৰক
পাৰ কৰোঁ বৰ কষ্টেৰে
নিহিত থাকে তাত
নিশাটোক সপোনেৰে উমাল কৰিব নোৱাৰাৰ
এবুকু দুখ
আমি আন্ধাৰ আৰু পোহৰৰ দূৰত্ব বুজোঁ
মানুহ আৰু পৃথিৱীৰ সম্পৰ্কৰ বিষয়ে জানোঁ
উজাগৰ নিশাৰ বুকুত
কি আছে বুলি
নিজকে নিজেই খোচৰি থাকোঁ
খেপিয়াই খেপিয়াই ৰাতিটোক চুই চাওঁ
আমি ম্লান মুখৰ
জধলা হাঁহিটো বুজোঁ
যিদিনা টোপনি নাহে
সেইদিনা চালৰ জলঙ্গাৰে
জোনটোক বৰ ধুনীয়াকৈ দেখোঁ
আন্ধাৰৰ সতে ৰ’দৰ কথা পাতোঁ।