টেডিংত লেনদেন কৰোঁতে সাৱধান – মুন শৰ্মা

টেডিংত লেনদেন কৰোঁতে সাৱধান 
মুন শৰ্মা, লখিমপুৰ
মানুহে টকা কিয় সাঁচি ৰাখে! কাৰোবাৰ বিয়া খনৰ বাবে কাৰোবাৰ নিজৰ লৰা ছোৱালী পঢ়িবলৈ কাৰোবাৰ সপোন বোৰ পূৰণ কৰিবলৈ ইত্যাদি কাৰণত মানুহে টকা সাঁচি ৰাখে। আৰু এই টকা কেইটা সাঁচি বাবে সকলোৱে কৰে দিন ৰাতি , ৰদ বৰষুণ গৰম ঠাণ্ডা একাকাৰ কৰি অশেষ কষ্ট। আৰু সেই সাঁচতীয়া বোৰ সুৰক্ষা বাবেই ৰাখে বিভিন্ন বেংকত।
এতিয়া কথা হল যোৱা কেইদিন মানৰ পৰা শুনি আহিছোঁ কিছুমান টকাৰ ঘটা মিছা পলোভনৰ অন্য নাম টেডিং এপ বোৰৰ কাহিনী।  বহু মানুহৰ টকা দুগুণ কৰাৰ লোভ দেখুৱাই লুট কৰি লৈ যায় হাজাৰ কোটি টকা । সিফালে টকা হেৰুৱাই মানুহৰ  মাজত হাহাকাৰ।
এতিয়া এটা কথা সুধিম যে, এইবোৰ কিয় হবলৈ পায়। কাৰ ভুলৰ বাবে এইবোৰ হৈ আছে বৰ্তমান। ইয়াৰ উত্তৰ বহুত যদিও প্ৰধানত আমাৰ কিছুমান ভুল বাবেই এইবোৰ হৈ আছে তাৰ মোৰ কোনো সন্দেহ নাই।
প্ৰথম কথা, টেডিং এপ বোৰত যি দৰে আপোনাৰ জমা টকাত সুত দিয়ে ঠিক তেনে দৰে আমাৰ বেংক সমূহে ও সুত দিয়ে কিন্তু আমি অধিক লাভ থকা বাবেই টেডিং এপ বোৰত টকা বিনিয়াগ কৰোঁ,  এইয়া হল আমাৰ লোভ। যিটো আমি সামৰি ৰাখিব নোৱাৰি এই এপ সমূহক চকু বন্ধ কৰি লৈ বিশ্বাস কৰোঁ অৰ্থাৎ আমি এবাৰো নাভাবো আপোনাৰ মোৰ টকা কেইটা ইয়াত সুৰক্ষিত হৈ থাকিব নে ? আৰু আমাৰ এই ভূলেই আমাক হাহাকাৰ অৱস্থা সৃষ্টি কৰে ।
দ্বিতীয়তে, মই যিমান দূৰ থাকোঁ আমাৰ বেংক সমূহে আমি জমা কৰি ৰখা টকা কেইটা সম্পূৰ্ণ গাৰেণ্টি  ৰাজহুৱা ভাৱে লৈ আপোনাক লেনদেন কৰিব দিয়ে  যি দাতা প্ৰশাসন পৰ্যন্ত  গম পায় থাকে।কিন্তু আপুনি এবাৰ ভাবক টেডিং এপ সমূহে আপোনাৰ টকা লেনদেন কৰা সময়ত কিবা বিশ্বাস যোগ্য দাতা দিয়ে নে? সঁচা কথা কবলৈ গলে অন্য নালাগে আপুনি নিজেই নাজানে আপোনাৰ  লেনদেন একো কথা। ইয়াৰ পাছতো আপুনি মই এইবোৰত  লেনদেন কৰিবলৈ উঠি পৰি লাগো।অৰ্থাৎ কোনো বিশ্বাস আপোনাক মোক তেওঁলোকে  দিব নোৱাৰা পাছতো একো একো জন মূৰ্খ হৈ ধন বিনিয়োগ কৰোঁ।
হোৱাটো হৈ গল বহু মানুহৰ কথা টিভি চেনেলত দেখিলোঁ কাকতত পঢ়িলো। এতিয়া কি কৰিব উপায় দেখোন একো নাই তথাপি  এইবোৰ পৰা শিক্ষা লোৱা সময় বৰ্তমান আহি পৰিছে। সাৱধাননীৰ মৰণ নাই বুলি কথা এটা আছে গতিকে সকলো চলি জাৰি চাই টকা লেনদেন কৰক। আজিৰ দুনিয়াত কোনে নিবিচাৰে অধিক হোৱাটো সেই বুলি  একো নভবাকৈ  নজনাকৈ অধিক বিচাৰিলে কিন্তু কোনো দিন একো নাপাব বিপৰীতে থকা খিনি হেৰাই যোৱাটোৰ সম্ভাৱনা অধিক।