টুনি চৰাই
ছেলিমা বেগম ,নগাঁও
ফাগুন মাহত আবেলি পৰত
ধূলি উৰা বতৰত ,
চকু দুটি দিলোঁ গছৰ ডালত
কি পালোঁ মোৰ মনত ।
চাই থাকোঁতে’ই উৰি ফুৰোতে’ই
টুনি তোক লগ পালোঁ ,
এবাৰ ৰৈ কৈ যা কোন তই কৈ যা
তোক বাৰে বাৰে চালোঁ।
সৌ স্বৰ্গৰ পৰা মৰ্ত্যলৈ আহিলি
ফোঁটুকা ফোঁট ৰং লৈ ,
এবাৰ ৰৈ কৈ যা দেৱ দূত নেকি ?
কিয় আহিলি মৰ্ত্যলৈ।
ডেউকা দুখন ৰঙা, নীলা, কিয় ?
পাখি দুখন সোণৰ ,
তই নে কি টুনি ৰূপেশ্বৰি আজি
অধিকাৰী হে ৰূপৰ ।
সৰু সৰু ঠোঁট দুটিৰ তোৰ যে
হীৰা’ৰে তৈয়াৰ টুনি ,
চমক চমক ঠেং দুটি তোৰ
দেখিবলৈ যেন মণি ।
সৰু সৰু চকু মাৰ্বলৰে সজা
দেখিবলৈ বৰ মজা,
উৰি উৰি ক’লৈ যাবি ৰৈ কৈ যা
তোৰ ঘৰ কি দি সজা।
কি নামে মাতিম স্বৰ্গস্বৰী ৰূপহী
নাম দিলোঁ ৰূপেশ্বৰী!
সবাতোকৈ সৰু চৰাই নাম টুনি
মাতে ফোঁটুকা ফোঁট কী।