টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ – স্বায়ত্ব শাসনৰ দাবীত ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় চহৰৰ চৌকিডিঙ্গীত ২৮-২-২৪ টাই আহোম জিলা সমিতি চমুকৈ টাইপাৰ কেন্দ্রীয় সমিতিৰ আহ্বানত দুঘণ্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে। টাই আহােম জনগাষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্রদান কৰা,মনােজ গোস্বামীক অতি শীঘ্রে গ্রেপ্তাৰ কৰা আদিৰ লগতে ডিব্ৰুগড় জিলাৰ বহু প্রাচীন কীৰ্তিচিহ্ন সমূহ দখল মুক্ত কৰি ইয়াৰ সৌন্দর্য বৰ্ধনৰ জৰিয়তে পর্যটন উদ্যোগ গঢ়ি তােলাৰ ব্যবস্থা কৰা আদি বিভিন্ন দাবীৰে টাইপাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।