টকা – সত্যজিৎ গগৈ

টকা
সত্যজিৎ গগৈ, কলিয়াবৰ, নগাঁও
জেপত টকা থাকিলেই
অহংকাৰী হোৱা মানুহে
অভাৱৰ সময়ত কৰে হাহাকাৰ,
এদিন আহিব আৰু যাবগৈ
নষ্ট সময়ৰ বাবেই হয়তো
হেৰাই যাব পাৰে সম্পৰ্ক আপোনতাৰ,
মানুহৰ দৰেই আছে টকাৰো ভিন্ন ৰূপ
সময়ত ওলাই পৰে সকলো স্বৰূপ,
দুখীয়াক যদি দিয়া সেয়া হ’ব দান
কল্যাণকামী কৰ্মত দিলে হ’ব অনুদান,
মন্দিৰত দিয়া যদি হ’ব দক্ষিণা
আদালতত দিয়া যদি হ’ব জৰিমনা,
স্কুলত দিয়া টকাৰ নাম হ’ব ফিজ
হোটেল বয়ক মৰমতে দিয়াটো হ’য় হেনো টিপছ,
বৃত্তি, ঋণ, কৰ, ধাৰ আৰু মুক্তিপণ
অৱসৰৰ পিচত পোৱাক বোলে পেঞ্চন,
দৰমহা, মজুৰি, হাজিৰা আৰু মাননি
ক্ষতিপূৰণ, ঘোচ, ভাৰা খোৰপোচৰ বিননি,
যুগে যুগে অৱতাৰ টকাৰ মহিমা
সেয়েহে সমাজত নাই আত্মীয়তা,
টকাৰ বাবেই তুমি পাবা সন্মান
মৃত্যুৰ বিচনাত দেখিবা চৰম অপমান।।