ঝাৰখণ্ডত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্রী তথা ঝাৰখণ্ড বিজেপিৰ সহঃপ্ৰভাৰী ড° হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনত কেইবাখনো নির্বাচনী সমাৱেশত অংশগ্ৰহণ কৰি ঝাৰখণ্ড মুক্তি মৰ্চা চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে অনুপ্ৰৱেশকাৰীৰ ভয়াৱহতাৰ ওপৰত ভাষণ দিয়ে। ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ ঝাৰখণ্ডত বিজেপিৰ চৰকাৰ হ’ব। ঝাৰখণ্ডৰ জনতাই পৰিৱৰ্তন বিচাৰিছে। যুৱ সমাজে তেওঁলোকৰ ভৱিষ্যতৰ বাবে চৰকাৰৰ পৰিৱৰ্তন বিচাৰিছে আৰু তাৰ বাবে ইতিমধ্যে ওলাই আহিছে। ঝাৰখণ্ডৰ অস্তিত্বৰ বাবে হ’বলগীয়া এইবাৰৰ নিৰ্বাচনত বিজেপি জয়ী নহ’লে ঝাৰখণ্ডৰ ভৱিষ্যৎ ভাবিব নোৱাৰা ধৰণে বেয়া হ’ব। কাৰণ আজি সমগ্ৰ ৰাজ্যখন অনুপ্ৰৱেশকাৰীয়ে তেওঁলোকৰ কবলত ৰাখিছে। ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰীৰ বাবে মুছলমানৰ জনসংখ্যা অভাৱনীয় ধৰণে বৃদ্ধি পাইছে। আদিবাসীৰ পৰিৱৰ্তে অনুপ্ৰৱেশকাৰীয়ে ৰাজ্যখনৰ প্ৰায়বোৰ চহৰ দখল কৰিছে। ৰাজ্যখনত অনুপ্ৰৱেশকাৰীৰ আগ্রাসন এনেদৰে বৃদ্ধি পাইছে ৰাঁচীৰ নামো কৰাচী হ’বলৈ বেছিদিন নাই। ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে জেএমএমে অনুপ্রৱেশকাৰী খেদিব নিবিচাৰে। অনুপ্ৰৱেশকাৰীসকলক বাট-পথ, চাকৰি নালাগে। তেওঁলোকক কেৱল সংৰক্ষণ লাগে। হেমন্ত ছোৰেনকো তাৰ বাবে আদিবাসী ভোট নালাগে, কেৱল অনুপ্ৰৱেশকাৰীৰ ভোট লাগে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ৰাজ্যখনত অনুপ্ৰৱেশকাৰী আছে বুলি কৈছে। ৰাইজেও ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰী আছে বুলি কৈছে। কিন্তু হেমন্ত ছোৰেনে কয়- ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰী নাই। এইবাৰ বিজেপি চৰকাৰ আহিলে ঝাৰখণ্ডৰ পৰা এটা এটাকৈ অনুপ্ৰৱেশকাৰীক বাহিৰ কৰি দিয়া হ’ব।সেইদৰে অনুপ্ৰৱেশকাৰীয়ে ঝাৰখণ্ডত আদিবাসী যুৱতীক বিয়া পতাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয় যে কোনো অনুপ্ৰৱেশকাৰীয়ে আদিবাসী যুৱতীক বিয়া কৰালে তেওঁলোকৰ সন্তানক আদিবাসীৰ প্রমাণ-পত্ৰ নিদিয়াৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰা হৈছে। আইন প্রণয়ন কৰি আদিবাসীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা হ’ব। ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সুখবৰ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে বিজেপিয়ে চৰকাৰ গঠন কৰিলে প্রথম কেবিনেটতে বিনাপইচাত স্বজনপ্রীতি অবিহনে চাকৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব। প্ৰথম বছৰতে ডেৰ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিব। ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত আলমগীৰ আলম আৰু ইৰফান আনছাৰিয়ে চলাই থকা লুণ্ঠনৰ প্ৰসংগত কয় যে জেএমএম চৰকাৰে কয়লা, বালিৰ নামত ব্যাপক লুণ্ঠন চলালে। বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ লগে লগে বালিৰ দালালি বন্ধ কৰি দিয়া হ’ব আৰু বিনামূলীয়াকৈ বালি দিয়াৰ ব্যৱস্থা কৰা হ’ব। ৰাজ্যখনত ২১ লাখ পিএমএৱাই গৃহ নিৰ্মাণ কৰা হ’ব আৰু এই গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বিনামূলীয়াকৈ বালি যোগান ধৰা হ’ব। মাহে ৫০০ টকা গেছ চিলিণ্ডাৰ যোগান ধৰা হ’ব। অধিক মুনাফাৰ প্রলোভনত পৰি ছাহাৰাত ধন বিনিয়োগ কৰাসকলৰো ধন ওভতাই দিয়াৰ ব্যৱস্থা কৰা হ’ব।