জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ ভূপেন গোস্বামী ‘হাৰ্ট এটেক’ত আক্ৰান্ত

জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ ভূপেন গোস্বামী ‘হাৰ্ট এটেক’ত আক্ৰান্ত
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ আই চি ইউত ভৰ্তি।

ৰঙিলী বাৰ্ত্তাসেৱা- দীৰ্ঘদিন আৰু ধাৰাবাহিকভাৱে চিকিৎসা গ্ৰহণ কৰি থকা জ্যেষ্ঠ সাংবাদিক,লেখক ‘নেচনেল ইউনিয়ন অব্‌ জাৰ্নেলিষ্ট ইণ্ডিয়া’ এন ইউ জে আইৰ ৰাষ্ট্ৰীয উপসভাপতি তথা ‘জাৰ্নেলিষ্ট এছ’ছিয়েচন অব আছাম’ জা’ ৰ মুখ্য উপদেষ্টা ৰাষ্ট্ৰীয় হিন্দী দৈনিক কাকত ‘ৰাষ্ট্ৰীয় খবৰ’ ৰ উত্তৰ- পূবাৰ্ঞ্চলৰ প্ৰিন্সিপাল কৰেছপণ্ডেণ্ট ভূপেন গোস্বামী ‘ অপ্ৰত্যাশিতভাৱে ‘হাৰ্ট এটেক’ ৰ সন্মুখীন হৈ গুৰুতৰভাবে অসুস্থ হৈ পৰাত আজি তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ আই চি ইউত ততালিকে ভৰ্তি কৰোৱা হয়। যোৱা দেওবাৰ নিশাৰ পৰা উশাহ নিশাহত বৰকৈ কষ্ট অনুভৱ কৰাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিশেষজ্ঞ চিকিৎসকৰ তত্বাবধানত ডাঃ হাফিজুৰ ৰহমানৰ নীৰিক্ষণত চলি থকা নিৰন্তৰ চিকিৎসাৰ অন্তত আজি জ্যেষ্ঠ সাংবাদিক গৰাকীক আই চি ইউত ভৰ্তি কৰোৱা হয় । ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১১ জুলাইত হঠাৎ উশাহ নিশাহত বৰকৈ কষ্ট পোৱাত সাংবাদিক জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ আই চি ইউৰ ত ভৰ্তি কৰোৱা হৈছিল আৰু ২২ জুলাইত দীঘলীয়া জিৰণিৰ পৰামৰ্শৰে চিকিৎসকে ঘৰতে থাকি চিকিৎসা চলাই যাবলৈ দিছিল । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক জনৰ স্বাস্থ্যৰ বুজ লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ বিশেষজ্ঞ সকলে দিয়া বিধি অনুসৰি চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো সহায় কৰাৰ আশ্বাসো দিয়ে। প্ৰনিধান যোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১৪ জুলাই ২০২৪ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ এক নিৰ্দেশৰ জৰিয়তে জ্যেষ্ঠ সাংবাদিক জনৰ সমুদায় চিকিৎসা ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ কথা ৰাজহুৱা কৰিছিল। এনেদৰেই চিকিৎসা মহাবিদ্যালয় খনৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ তথা মূৰব্বী অধ্যাপক ডাঃ প্ৰণৱ জ্যোতি ভট্টাচাৰ্য, ডাঃ বৰ্ণালী দত্ত ডাঃ হাফিজুৰ ৰহমানৰ পৰামৰ্শ মতে চিকিৎসা চলি আহিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ চিকিৎসকে জনোৱা মতে গোস্বামীৰ দীঘলীয়া চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু অহা ৪৮ ঘণ্টাৰ বাবে নিৰীক্ষণকাৰী যন্ত্ৰ সংস্থাপন কৰা হৈছে আৰু এই সময় খিনি সুকলমে পাৰ হোৱাৰ পাছতহে পৰবৰ্তী চিকিৎসা সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব। সেয়ে এতিয়াও ৰোগীক সংকটমুক্ত বুলি ক’ব নোৱাৰি। সাংবাদিক জনৰ হৃদযন্ত্ৰৰ পাম্পিং প্ৰক্ৰিয়া অতি দুৰ্বল হৈ পৰিছে যাৰ ফলত উশাহ নিশাহত বৰকৈ কষ্ট অনুভৱ কৰাৰ মাজতে হঠাৎ’ এটেক’ত আক্ৰান্ত হয় । ইফালে হৃদযন্ত্ৰৰ পাম্পিং সবল নোহোৱা পৰ্যন্ত এআইচিডি বা পেছমেকাৰ সংস্থাপনৰ জটিল অস্ত্ৰোপচাৰ একেবাৰে সম্ভৱ নহয় । সেয়ে চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক সকলে ধাৰাবাহিক চিকিৎসা আৰু জিৰণিৰ লগতে মানসিক চাপ পাব পৰা যি কোনো চিন্তা – চৰ্চাৰ পৰা আতঁৰি থকাৰ পৰামৰ্শ আগবঢ়াইছে বুলি বিশেষজ্ঞ চিকিৎসক গৰাকীয়ে লগতে প্ৰকাশ কৰে । আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো সাংবাদিক গোস্বামীৰ স্বাস্থ্যৰ বুজ লৈ আশু আৰোগ্য কামনা কৰিছে। তদুপৰি ‘জা’ৰ সভাপতি তথা বিশিষ্ট সাংবাদিক- বুদ্ধিজীবী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তী আৰু সাধাৰণ সম্পাদক ডালিম ফুকন, নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্ট ইণ্ডিয়াৰ কেন্দ্ৰীয় সমিতি ৰ লগতে অসমৰ বিভিন্ন ৰাজহুৱা দল সংগঠনেও গোস্বামীৰ আশু আৰোগ্য কামনা কৰিছে। ইতিমধ্যে সুলেখক সাংবাদিক জনৰ সু চিকিৎসাৰ বাবে প্ৰয়োজনীয় সাহাৰ্য আগবঢ়াই বদান্যতা দেখুওৱাৰ বাবে সাংবাদিক জনৰ পৰিয়ালৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ লগতে অসম চৰকাৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছ।