জ্ঞানপীঠ বঁটা বিজয়ী কবি,কাব্যঋষি নীলমণি ফুকন আৰু নাই

Pc The Janambhumi

জ্ঞানপীঠ বঁটা বিজয়ী কবি,কাব্যঋষি নীলমণি ফুকন আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা-  সাহিত্যৰ পথাৰ উকা কৰি গ’লগৈ কবি নীলমণি ফুকন৷গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৃহস্পতিবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে।দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা কাব্যঋষিজনৰ স্বাস্থ্যৰ অৱস্থা হঠাৎ অৱনমিত হোৱাত তেওঁক অক্সিজেন দিবলগীয়া হৈছিল৷ গুৰুতৰভাৱে অসুস্থ হোৱাৰ বাবে তেওঁক চিকিৎসালয়লৈ নিয়াৰ সলনি প্ৰথমে ঘৰতে আই চি ইউ স্থাপন কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছিল৷বৃহস্পতিবাৰে পুৱা এটি ষ্ট্ৰ’কত আক্ৰান্ত হৈছিল নীলমণি ফুকন।তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কথা জানিব পাৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিশাই জি এম চি এইচৰ চাৰিজন বিশেষজ্ঞ চিকিৎসকক তেওঁৰ ঘৰলৈ প্ৰেৰণ কৰিছিল৷তেওঁলোকে পৰীক্ষা কৰাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিয়ে৷তাৰ পাছতে বিশিষ্ট কবিজনক চিকিৎসালয়ত চিকিৎসাধীন কৰা হয়৷অৱশেষত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা আহিল সেই দু:খবৰটো।কাব্যঋষি আৰু নাই।