জোন সুৰুয সামাজিক সাংস্কৃতিক সংস্থাৰ উদ্যোগত “নাম অমৃত নদী” শীৰ্ষক এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয় নিউ গুৱহাটী ৰেলৱে কলনি,বিহু ফিল্ডত

জোন সুৰুয সামাজিক সাংস্কৃতিক সংস্থাৰ উদ্যোগত “নাম অমৃত নদী” শীৰ্ষক এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয় নিউ গুৱহাটী ৰেলৱে কলনি,বিহু ফিল্ডত

ৰঙিলী বাৰ্ত্তাসেৱা- জোন সুৰুয সামাজিক সাংস্কৃতিক সংস্থাৰ উদ্যোগত “নাম অমৃত নদী” শীৰ্ষক ১৩ ,১৪,১৫ চেপ্তেম্বৰ তাৰিখে তিনিদনীয়া কাৰ্যসূচীৰে এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয় নিউ গুৱহাটী ৰেলৱে কলনি,বিহু ফিল্ডত।এই কৰ্মশালা অনুষ্ঠানত প্ৰশিক্ষণ দিয়ে ঘোষা নাম আৰু দিহা নামৰ প্ৰশিক্ষক ক্ৰমে সংস্থাৰ কাৰ্যকৰী সভাপতি দিগন্ত ভাগৱতী দেৱ আৰু নীলিমা দাসে।প্ৰশিক্ষণৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে সাংস্কৃতিক সভাপতি মাননীয় দিলীপ কলিতা দেৱে।”নাম অমৃত নদী” শীৰ্ষক কৰ্মশালা উদ্বোধন কৰে মুখ্য উপদেষ্টা তথা আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা দেৱে।তিনিদিনীয়া কৰ্মশালাখনৰ মূল গুৰি ধৰোঁতা তথা সংস্থাৰ মুখ্য উপদেষ্টা মাননীয় মনোজ কুমাৰ শৰ্মা বৰদলৈদেৱ, আইনী উপদেষ্টা মাননীয়া অঞ্জনা দত্ত, সভাপতি মাননীয়া প্লাবিতা মহন্ত,উপ সভাপতি নীলোৎপল হাজৰিকা দেৱ,কাৰ্যবাহী সভাপতি মাননীয় দিগন্ত ভাগৱতী দেৱ ,সাংস্কৃতিক সভাপতি মাননীয় দিলীপ কলিতা দেৱ সম্পাদক মাননীয়া জোনালী শৰ্মা, সহঃসম্পাদক নিলম ডেকা ,গিৰিমনি গগৈ,প্ৰণিতা দাসৰ গুৰুত্বপূৰ্ণ ভূমিকা ও তৎপৰতাত সৰ্বাংগ সুন্দৰ হৈ পৰে কৰ্মশালাখন।সাহিত্য সম্পাদক মনীষা শৰ্মা,সাহিত্য উপদেষ্টা ড° শেৱালি দাস কলিতাকে আদি কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উক্ত কৰ্মশালাত উপস্থিত থাকে।১৫ চেপ্তেম্বৰ তাৰিখে কৰ্মশালাৰ সামৰণি পৰে।উক্ত দিনটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে মুখ্য উপদেষ্টা শ্ৰী যুত মনোজ কুমাৰ শৰ্মা বৰদলৈ, শ্ৰী যুত হীৰকজ্যোতি শৰ্মা,শ্ৰী যুতা নীলিমা দাস,শ্ৰী যুতা নীলিমা দেৱী ,শ্ৰী যুত কুলেন্দ্ৰ ৰায় চৌধুৰী,উপদেষ্টা শ্ৰী যুতা ৰুণু শৰ্মা দেৱী,ড° উৎপল নাৰায়ণ গোস্বামী।সেই দিনটোত ঘোষা -দিহা নামৰ আয়তীসকলক একোখনকৈ মানপত্ৰ বিতৰণ কৰা হয়।মানপত্ৰ বিতৰণ কৰে সংস্থাৰ মুখ্য উপদেষ্টা মনোজ কুমাৰ শৰ্মা বৰদলৈ দেৱ আৰু উপ সভাপতি নীলোৎপল হাজৰিকা দেৱে।