জোনাক তুমি মোৰেই হোৱা
মনোজ বৰা, যোৰহাট
মনৰ মাজত তোমাক
লৈয়ে আশাবোৰ গজিছিল।
সপোনবোৰে গভীৰলৈকে
দিনে দিনে শিপাইছিল ।
তোমাৰ ছবিখনে মোক কিবা
কিবি ক’ব খুজিছিল।
তুমি নকলেও মোৰ হৃদয়খনে
ভালকৈ বুজিছিল ।
দিন বোৰ আহি আহি মোৰ
নিচেই ওচৰ চাপিছিল।
ইপিনে পানীৰ ঢৌবোৰে জোৰকৈয়ে
খুন্দা মাৰিছিল।
বুকুৰ ভিতৰত তোমাৰ মৰমবোৰে
খামুচি ধৰিছিল।
কোনোৱে তোমাক কাঢ়ি ল’ব বুলি
চিন্তা বাঢ়িছিল ।
তুমি য’লৈকে যোৱা মই খবৰ
সদায়ে ৰাখিছিলোঁ ।
তোমাৰ ভাল লগা বোৰ বুজিবলৈ
চেষ্টা কৰিছিলোঁ ।
তুমি বিচৰা ধৰনেৰে মই নিজকে
সাজু কৰিছিলোঁ ।
তোমাৰ হাঁহিৰ মাজতে মই প্ৰেম
বিচাৰি পাইছিলোঁ।
তুমি হঠাতে ক’লে বেয়া পাবা
বুলিয়েই কোৱা নাই।
বেয়াপোৱাৰ ভয়তে দূৰৈৰ পৰা
চাই থাকোঁ তোমাক।
নজনাকৈয়ে মোৰ হৃদয়খনে তোমাৰ
কাষলৈ যায় ।
লালকাল টোপনিত তোমাকে যে
খেপিয়াই পায় ।
তোমাৰ বুকুখন দেখিলে এনেয়ো
মৰম লাগি যায় ।
ওঁঠৰ তিলটোৱে যৌৱনৰ মাজৰাতি
কলিজা খায় ।
নদীৰ মাজত তোমাৰ সতে কোনে
যে বৰশী বায়।
তোমাৰ দেহৰ সুগন্ধিয়ে মোক প্ৰেমৰ
সঁহাৰি দি যায় ।