জোনবাই
মন্দিতা চেতিয়া গগৈ
ৰাজগড়, ডিব্ৰুগড়
বৰ মৰমলগা জোনবাইজনী
মোৰ লগে লগে অহা-যোৱা কৰে ,
মোৰ লগত হাঁহে, মোৰ লগত কান্দে
মাজে মাজে অভিমানত
মুখখন ওলোন্দাই থাকে ।
তাইক নালাগে আকাশৰ তৰা
নিবিচাৰে সাগৰ তলিৰ মণি-মুকুতা,
মোৰ বুকুত ৰামধেনুৰ ৰং সানি
দেহত বোঁৱাই জোনাকৰ নিজৰা।
তাইৰ উতলা যৌৱনত মই চগা হৈ জ্বলো,
সমৰ্পণো ইমান সুখকৰ
তাইৰ কাষত থাকি প্ৰতিপলে অনুভৱ কৰোঁ।
জীৱন মানেই এটা পৰিক্ৰমা
পশ্চিমৰপৰা পূবলৈ ,পূবৰ পৰা পশ্চিমলৈ
পৰিক্ৰমা আছে জোনবাইজনীৰো,
কাঁচিজোনৰপৰা পূৰ্ণিমালৈকৈ
পূৰ্ণিমাৰপৰা অমাৱস্যা।
এতিয়া মৰ আঁউসী
জোনৰ জোনাক নাই,
জোনাক বিচাৰি বিননি জুৰিলেও
এই বাটে জোনাক নাহে যে দুনাই ।