জৈন ইউথ বিজয়নগৰৰ সৌজন্যত আয়োজিত কৰা হৈছে নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা 

জৈন ইউথ বিজয়নগৰৰ সৌজন্যত আয়োজিত কৰা হৈছে নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা 

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ জৈন ইউথ বিজয়নগৰ সৌজন্যত অষ্টম বিজয়নগৰ প্ৰিমিয়াৰ লীগ ২০২৫ আঠদিনৰ কাৰ্যসূচীৰে বিজয়নগৰ জৈন মন্দিৰ খেলপথাৰত আয়োজিত কৰা হৈছে ৷ নৈশ অনুষ্ঠিত ক্ৰিকেট খেল যোৱা ২৮ ফেব্ৰুৱাৰী শুক্ৰবাৰে শুভ উদ্বোধনী হয় ৷ উক্ত অনুষ্ঠানৰ মুখ্য দ্বাৰ মুকলি কৰে বিজয়নগৰ পঞ্চায়তৰ সভাপতি বাবুলাল জৈনে ৷ মঞ্চ মুকলি কৰে ললিত জৈন আৰু বাবুলাল জৈনে ৷ উদ্বোধনী ভাষন ৰাখে ললিত জৈনে ৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশেষভাৱে দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ তালুকদাৰক সম্বৰ্ধনা জনোৱা হয় ৷ উদ্বোধনী ভাষনৰ পিছত এখন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ সাংস্কৃতিক অনুষ্ঠানত জৈন সমাজৰ স্থানীয় শিল্পী সকলে আধুনিক নৃত্য আৰু জৈন সমাজৰ পৰম্পৰাগত নৃত্যগীত প্ৰদশৰ্ন কৰে ৷ প্ৰত্যেক বছৰে বিজয়নগৰ প্ৰিমিয়াৰ লীগ আটকধুনীয়া পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈ আহিছে ৷ এই বেলি অষ্টম বিজয়নগৰ প্ৰিমিয়াৰ লীগত সৰ্বমুঠ ছয়টা দলে অংশগ্ৰহণ কৰিছে ৷এই প্ৰতিযোগিতা খনৰ উদ্বোধনী মেছখন জৈন সমাজৰ মহিলা দলৰ মাজত অনুষ্ঠিত হয় ৷