জেট উইংচ বিজনেছ স্কুলৰ মৌমিতা দেৱনাথৰ হত্যাকান্দৰ শাস্তি বিচাৰি প্ৰতিবাদ

জেট উইংচ বিজনেছ স্কুলৰ মৌমিতা দেৱনাথৰ হত্যাকান্দৰ শাস্তি বিচাৰি প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ নৱগ্ৰহ হিল্ চাইডস্থিত জেট উইংচ বিজনেছ স্কুলৰ অধ্যক্ষ মম্পী বৰা, ৰেশ্লি ভূঞা, ৰিঞ্জো পায়েং আৰু পংকজ দাসৰ নেতৃত্বত প্ৰায় ১০০ ৰো অধিক ছাত্ৰীয়ে হাতে হাতে বিভিন্ন বেনাৰ প্লে কাৰ্ড লৈ স্কুলৰ পৰা চেনীকুঠি, গুৱাহাটী ক্লাব, ৰটাৰি, দীঘলী পুখুৰী, সন্দিকৈ মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয় হৈ মৌন সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ থাকে যে কলকাতাত হোৱা অবাঞ্চিত ঘটনাটোৰ বাবে ডা° মৌমিতাৰ আত্মাৰ শান্তি,তথা দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ বাবে এই মৌন সমদল কৰে।