জু-ৰোডৰ উৰণসেঁতুত তীব্ৰবেগী বাহনে মহটিয়া নিলে স্কুটাৰ আৰোহীক

জু-ৰোডৰ উৰণসেঁতুত তীব্ৰবেগী বাহনে মহটিয়া নিলে স্কুটাৰ আৰোহীক

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটীৰ জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণসেঁতুত সংঘটিত হৈছে এই দুৰ্ঘটনা।জু-ৰোডৰ উৰণ সেতুত অচিনাক্ত বাহনে মহটিয়াই নিলে স্কুটাৰসহ আৰোহীক।চিনাক্ত  তীব্ৰবেগী বাহনে বাইক আৰোহীজনক মহটিয়াই নি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। বাইকখনত চালকজনৰ সৈতে আছিল এজন আৰোহী। সংকটজনক অৱস্থাত দুয়োজন আৰোহীকেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে।এম্বুলেন্সক খবৰ দিয়া হৈছিল যদিও বহু সময়লৈ উপস্থিত নোহোৱাত প্রত্যক্ষদৰ্শীয়ে নিজৰ বাহনেৰে আহত ২জনক GMCHলৈ লৈ যায় ।