জুবিন, মুক্ত আৰু সত্য
আব্দুৰ ৰহিম আহমেদ, বৰপেটা
মানুহ কিয় মুক্ত হ’ব নোৱাৰে ?
যেনেদৰে জুবিন বিচৰণ কৰে !
মানুহ কিয় মুৰ্তি বনায় ?
মানুহ কিয় মাজাৰ বনায় ?
মানুহ কিয় প্ৰাকৃতিক হ’ব নোৱাৰে ?
প্ৰকৃতি যেনেদৰে সত্যত অবিচল থাকে !!
যদি মুক্তই হ’ব নোৱাৰে মানুহ
কেনেকৈ সত্য পাব ?
মনুষত্য কি বুজিব ?
ভাগ্যক্ৰমে জীৱনটো পায়,
পাইও নিজকে হেৰুৱায় ।
তথাপিও মানুহ কিয় অধ্যয়নমুখী নহয় ?
অন্ধ বিশ্বাসতেই মানুহ কিয় আবদ্ধ হয় ?
য’ত আকাশ আৰু সাগৰেও সঠিক কথাই কয় ।
স্ৰষ্টাৰ কথা নকলোৱেই …
সুশিক্ষাই সত্যৰ পথ ।
বিবেকো আছে লগত,
তথাপিও সদায় ভিৰ কিয় পৰম্পৰাৰেই সোঁতত ?
