জুবিনৰ মৃত্যুৰ তদন্তক লৈ তৎপৰতা এছআইটিৰ

জুবিনৰ মৃত্যুৰ তদন্তক লৈ তৎপৰতা এছআইটিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গার্গক ন্যায় প্রদানক লৈ ৰাজ্যৰ অগণিত অনুৰাগীয়ে অধীৰ উৎকণ্ঠাৰে অপেক্ষা কৰি থকাৰ সময়তে তদন্ত তীব্ৰতৰ কৰি তুলিছে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট এছআইটিয়ে।  অসম আৰক্ষীৰ এছআইটিৰ ওপৰত আস্থা প্রকাশ কৰা অনুৰাগীৰ উৎকণ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি এছআইটিৰ বিষয়ববীয়াই দিনে-নিশাই অব্যাহত ৰাখিছে তদন্ত। শিল্পীগৰাকীৰ সৈতে নিকট সম্পৰ্ক থকা লোকৰ বাহিৰেও বহুসংখ্যক বিহু সমিতিৰ বিষয়ববীয়াকো এছআইটিয়ে তলব কৰিছে। অসম আৰক্ষীৰ উচ্চস্তৰীয় সূত্রই সদৰী কৰা মতে, প্রকৃততে কি পৰিস্থিতিৰ সন্মুখীন হৈ সুদূৰ ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গার্গে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল, এই সকলো তথ্য ইতিমধ্যে লাভকৰা হৈছে। তদন্তৰ খাতিৰত অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকিলেও সূত্ৰটোৱে সদৰী কৰা মতে, বৰ্তমানলৈকে এশজনৰো অধিক লোকক জেৰা চলোৱা হৈছে। শিল্পীগৰাকীৰ সৈতে জড়িত কেইবাজনো নিকট ব্যক্তিৰ ভাষ্যও এছআইটিয়ে গ্ৰহণ কৰিছে। অকল সেয়াই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক বিহু সমিতিৰ বিষয়ববীয়াৰ পৰাও এছআইটিয়ে ভাষ্য সংগ্ৰহ কৰিছিল। এই সকলো তদন্ত অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ ছিংগাপুৰ পুলিচ ফ’র্চ, চমুকৈ এছপিএফে প্ৰেৰণ কৰা তিনিখন প্রতিবেদনে তদন্ত প্রক্রিয়াক অধিক গতিশীল কৰি তুলিছে। এই প্রতিবেদনকেইখনৰ ভিতৰত অন্যতম হৈছে ট’ক্সিক’লজী পৰীক্ষাৰ প্ৰতিবেদন। শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে দেহৰ পৰা সংগ্ৰহ কৰা তেজৰ নমুনা পৰীক্ষাৰ অন্তত এই প্রতিবেদন যুগুত কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। সূত্রটোৱে জানিবলৈ দিয়া মতে, ফৰেনছিক বিজ্ঞানৰ অন্যতম গুৰুত্বপূর্ণ অংশ হৈছে ট’ক্সিক’লজী অর্থাৎ বিষক্রিয়া বিজ্ঞান। যিকোনো ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত যদিহে মৃত্যুৰ কাৰণ স্পষ্ট নহয়, তেতিয়া ট’ক্সিক’লজী পৰীক্ষা আৰক্ষীয়ে সম্পন্ন কৰে। এই পৰীক্ষাৰ জৰিয়তে মৃত্যুৰ পূৰ্বে লোকজনক বিহপান কৰোৱা হৈছিল নেকি অথবা কেনেধৰণৰ দৰব সেৱন কৰাৰ পাছত ব্যক্তিজনৰ দেহত বিষক্রিয়াজনিত প্রতিক্রিয়া সৃষ্টি হৈছিল সেয়া নিৰূপণ কৰা হয়। জুবিন গাৰ্গৰ ট’ক্সিক’লজী পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে। পুংখানুপুংখভাৱে উক্ত প্রতিবেদন পৰীক্ষা কৰাৰ অন্তত এটা নিশ্চিত সিদ্ধান্তত এছআইটিৰ বিষয়ববীয়াসকল উপনীত হৈছে। হৈছে এই সকলো বিষয় অভিযোগনামাখনত সন্নিৱিষ্ট কৰা হ’ব। মুঠৰ ওপৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত কোনোধৰণৰ তথ্যক অৱজ্ঞা নকৰাকৈ দিনে-নিশাই এছআইটি সম্প্রতি অভিযোগনামা প্রস্তুতিত জড়িত হৈছে। এই প্রতিবেদনসমূহৰ বাদেও শেহতীয়াকৈ আন এটা দিশৰ ওপৰতো এছআইটিয়ে গুৰুত্ব আৰোপ কৰিছে। জীবিত সময়ছোৱাত শিল্পীগৰাকীয়ে প্ৰায়েই তেওঁৰ শাৰীৰিক অৱস্থাকো অৱজ্ঞা কৰি এদিনত দুটাকৈ বৃহৎ অনুষ্ঠান পৰিৱেশন কৰিবলৈ বাধ্য কৰোৱাৰ কথা উল্লেখ কৰিছিল। শাৰীৰিক দুৰৱস্থা সত্ত্বেও শিল্পীগৰাকীৰ সৈতে জড়িত হৈ থকা আন মানুহখিনিৰ জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি অনিচ্ছা সত্ত্বেও তেওঁ অনুষ্ঠানসমূহ পৰিৱেশন কৰাৰ কথা নিজ মুখে এসময়ত কৈ গৈছে। এছআইটিয়ে শিল্পীগৰাকীৰ মৃত্যুৰ পাছত এনেবোৰ তথ্যকো তদন্তৰ আওতালৈ আনিছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৭খনতকৈও অধিক বিহু সমিতিৰ বিষয়ববীয়াক চিআইডিৰ উলুবাৰীৰ কাৰ্যালয়লৈ তলব কৰিছে এছআইটিয়ে। তদন্তকাৰী বিষয়াই উক্ত সমতিসমূহৰ বিষয়ববীয়াসকলৰ পৰা আৰ্থিক লেনদেনৰ বিভিন্ন তথ্য সংগ্ৰহ কৰিছে। আজিও তদন্ত অব্যাহত ৰাখি বিজয়নগৰৰ আংছা সাংস্কৃতিক গোষ্ঠীৰ বিষয়ববীয়াসকলৰ ভাষ্য এছআইটিয়ে গ্রহণ কৰে। উল্লেখ্য যে বিগত বৰ্ষৰ ১৫ জুনত বিজয়নগৰৰ উপৰহালিত অনুষ্ঠিত এক সাংস্কৃতিক সন্ধিয়াত অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্রণ জনোৱা হৈছিল জুবিন গাৰ্গক। গোষ্ঠীটোৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে, শিল্পীগৰাকীক আমন্ত্ৰণৰ বাবে তেওঁলোকে মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ সৈতে বিগত বৰ্ষৰ ২৮ এপ্ৰিলত যোগাযোগ কৰিছিল। ৫০ হাজাৰ টকা নগদ ধন আগধন হিচাপে আদায় দি অনুষ্ঠানটোৰ বাবে শিল্পীগৰাকীক বুক কৰিছিল সমিতিখনে। প্রথম অৱস্থাত ১০ লাখ ৫০ হাজাৰ টকা সিদ্ধার্থ শৰ্মাই অনুষ্ঠান পৰিৱেশনৰ বাবদ সমিতিখনৰ পৰা দাবী কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত ৫০ হাজাৰ টকা কমাই ১০ লাখ টকাত জুবিন গাৰ্গৰ অনুষ্ঠানটোৰ বাবে সমিতিৰ বিষয়ববীয়াৰ সৈতে চুক্তিবদ্ধ হৈছিল। উক্ত চুক্তিৰ বিভিন্ন নথি-পত্র সমিতিয়ে এছআইটিৰ বিষয়ববীয়াসকলৰ হাতত দাখিল কৰে। এইখিনিতে আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। সমিতিখনৰ বিষয়ববীয়াসকলে সদৰী কৰা মতে, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাই একাউণ্টযোগে ধনৰ লেনদেন হোৱাটো বিচৰা নাছিল। সমিতিয়ে একাউণ্টত ধন আদায় দিব বিচাৰিছিল যদিও বাৰম্বাৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাই নগদ ধন আদায় দিয়াৰ বাবেহে তেওঁলোকক হেঁচা দিছিল। সেইমর্মে কৃষাণু দাস নামৰ সিদ্ধাৰ্থৰ মেনেজাৰজনৰ হাতত সমিতিয়ে বাকী থকা ৯.৫০ লাখ টকা নগদ ধন আদায় দিছিল। প্রথম অৱস্থাত সমিতিয়ে এই কথাক সাধাৰণভাৱে লৈছিল যদিও শিল্পীগৰাকীৰ মৃত্যুৰ পাছত সিদ্ধার্থ শৰ্মাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উঠাৰ পাছত এতিয়া উক্ত লেনদেনৰ বিষয়টোকো সন্দেহজনক হিচাপে লৈছে সমিতিয়ে। তেওঁলোকৰ মতে, ১০ লাখ টকাত অনুষ্ঠানৰ বাবে চুক্তি হোৱা বিষয়টো শিল্পীগৰাকীয়ে গম পাইছিল নে নাই, সেয়াও আমাৰ সন্দেহ আছে। এনেদৰেই বিভিন্ন বিহু সমিতিৰ পৰা বেংক কাউণ্টৰ সলনি নগদ ধন সংগ্ৰহ কৰা সিদ্ধার্থ শৰ্মাই উক্ত ধনৰ কিমান অংশ জুবিন গাৰ্গক আদায় দিছিল সেই বিষয়টোও এছআইটিয়ে তদন্তৰ আওতালৈ আনিছে। সূত্রটোরে জানিবলৈ দিয়া মতে, অহা ১০ ডিচেম্বৰৰ পূৰ্বেই বিস্তৃত প্রতিবেদনসহ অভিযোগনামা আদালতত দাখিল কৰাৰ বাবে অহর্নিশে চেষ্টা অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়াসকলে। ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনৰ পৰা আৰম্ভ কৰি বিভিন্নজনৰ ভাষ্য তথা বিত্তীয় লেনদেনৰ বিষয়সমূহো অভিযোগনামাত বিস্তৃতভাৱে সন্নিবিষ্ট কৰা হ’ব।