জীৱিত কালত জুবিনক কষ্ট দিয়া সকলেই এতিয়া আটাইতকৈ বেছি জুবিন অনুৰাগীঃ কেন্দ্রীয়মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

জীৱিত কালত জুবিনক কষ্ট দিয়া সকলেই এতিয়া আটাইতকৈ বেছি জুবিন অনুৰাগীঃ কেন্দ্রীয়মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই নতুন দিল্লীত সাংবাদিকৰ আগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে জীৱিতকালত জুবিন গাৰ্গক যিসকল ব্যক্তিয়ে আটাইতকৈ বেছি মানসিক কষ্ট দিছিল সেইসকল ব্যক্তিয়েই এতিয়া হৈ পৰিছে আটাইতকৈ বেছি জুবিন অনুৰাগী। এনে দুজন ব্যক্তি হ’ল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ দুই মুৰব্বী ক্ৰমে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। এটা সময়ত জুবিন গাৰ্গৰ গীত নিষিদ্ধ কৰিছিল অখিল গগৈয়ে। ৰাইজৰ দলৰ মৰাণ অধিৱেশনৰ কালছোৱাত অখিল গগৈয়ে জুবিনৰ গীত যে নিষিদ্ধ কৰিছিল সেই কথা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে জানিবলৈ বিচাৰে। আনহাতে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে জুবিন গাৰ্গৰ সৈতে অত্যন্ত বেয়া ব্যৱহাৰ কৰিছিল বুলিও কেন্দ্রীয় বিদেশ ৰাজ্য মন্ত্রীজনে অভিযোগ কৰে। তেওঁ কয় যে ৰাজ্যৰ বিৰোধী দলসমূহৰ নেতাসকলে এতিয়া বাছে বাছে জুবিন গাৰ্গৰ সমাধিক্ষেত্রলৈ মানুহ পঠিয়াই আছে। প্রিয় শিল্পীজনক লৈ বিৰোধী দলসমূহে দৰাচলতে ৰাজনীতি কৰি থকা বুলিও পৱিত্ৰ মাৰ্ঘেৰিটাই অভিযোগ উত্থাপন কৰে। জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা কৰা মন্তব্যক লৈ নিজৰ প্ৰতিক্রিয়া ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্রী মাৰ্ঘেৰিটাই কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীজন অসমৰ গৃহমন্ত্রীও। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ ওচৰত এছ আই টিয়ে কৰা তদন্তৰ তথ্য থাকিব পাৰে বুলি মন্তব্য কৰি কয় যে বিষয়টোক লৈ অখিল গগৈ আৰু লুৰিণজ্যোতিয়ে অহেতুক বিতর্ক তথা ৰাজনীতি কৰি আছে। উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তত শুভমুক্তি পোৱা জুবিনৰ ৰৈ ৰৈ বিনালে ছবিখন চাই আৱেগিক হৈ পৰা মাৰ্ঘেৰিটাই কয় মই জুবিন গাৰ্গৰ অভিনয়ৰ এজন সমালোচক। জুবিনে ছবিখনত অতি সুন্দৰ অভিনয় কৰিছে। আনহাতে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ৪ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ চৰকাৰী কাৰ্যসূচীৰে লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ তিনিখন দেশ ইকুৱেডৰ, বলিভিয়া আৰু কিউবা ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে উক্ত দেশসমূহৰ ৰাজনৈতিক নেতৃত্বক সাক্ষাৎ কৰি দুয়ো পক্ষৰ স্বাৰ্থ বিজড়িত বিষয়সমূহ আলোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিব। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাণিজ্য, প্ৰযুক্তি, পৰ্যটন, উন্নয়নমূলক সহযোগিতা আৰু সক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰত পৰস্পৰে আগবঢ়াৰ বাবে আলোচনা ভাগ ল’ব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে বাণিজ্যিক প্ৰতিনিধিবৰ্গ আৰু প্ৰবাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব।