জীৱন – ৰিমাশ্ৰী কোঁচ

জীৱন

ৰিমাশ্ৰী কোঁচ,লক্ষীমপুৰ

অস্ত যোৱা বেলিটোৱে প্ৰশ্ন কৰিলে মোক
জীৱন মানে নো কি ?
হৃদয়ৰ মাজৰ পৰা উফৰি পৰিল
জীৱন এক মায়াময় কাহিনী।
জীৱন এক অনন্ত কবিতা
মাটি চাকিটোৰ দেখোন আজি নুমাওঁ নুমাওঁ শলিতা,
এন্ধাৰবোৰ বেয়া নাপাওঁ
কিন্তু ভয় কৰোঁ,
এই এন্ধাৰৰ ছাঁতে‌ লুকাই থাকে
কত অমানৱীক কাৰ্যৰ‌ ৰহস্যতা …
হত্যা,ধৰ্ষণ,লুণ্ঠন ইয়াৰ তালিকাত।
তথাপি মানুহবোৰ জীয়াই থাকে
জীৱনে জীয়াই থাকিবলৈ বাধ্য কৰে,
কোনোবা কবিয়ে জীৱনৰ উপমা দিয়ে এইদৰে-
“এই জীৱন বৰ অনুপম” ।
জীৱনো‌ এক মায়া
আত্মাৰ পৰিতৃপ্তিৰ বাবে সৃষ্টি হোৱা ছয়া-ময়া ছায়া,
উন্মাদ মানৱৰ বুকুত ঢালি দিয়ে কামনা-বাসনাৰ ৰম্যধাৰা
জীৱনৰ আকাশত তিৰবিৰাই উঠে এটি দুটি তৰাৰ মায়াবী মৰীচিকা।
সময়ৰ লগে লগে জীৱনে ভটিয়াই
জীৱনৰ শলিতাডাল লাহে লাহে নুমাই যায়,
হেৰাই যায় জীৱন চাকি
ৰৈ যায় মাথোঁ স্মৃতি।
উদয় হয় ন-প্ৰভাতৰ ৰবি
আত্মাই লিখি উলিয়াই আন এখন জীৱনী …
অ’…জীৱন
 ‌ গৈ থাক…।