জীৱন – বন্দনা চৌধুৰী

জীৱন

 বন্দনা চৌধুৰী,
গুৱাহাটী

জীৱন জীৱন
বৰ অনুপম
এই জীৱনে
কন্দুৱায় বুকুৰ মাজত
যন্ত্ৰণা সামৰি।
এই জীৱনে
হঁহুৱাই বুকুৰ মাজত
আনন্দৰ জোৱাৰ তুলি।
হাঁহি আৰু চকুলো সামৰিয়েই
আমাৰ জীৱন
দূৰ সীমনাত ৰৈ
আমি নিজকে চাই ৰওঁ
বিন্দুৰ পৰাই
আমি গতি কৰোঁ সিন্ধুলৈ…
এটা অবিৰত যাত্ৰাৰে।

এই জীৱনে শিকায়
ভাল-বেয়াৰ সংমিশ্ৰণৰ
গতিপথেৰে
জীৱনৰ উপলব্ধিৰ ধাৰণা
অৰ্থ, স্বাৰ্থ, ভোগ-বিলাসৰ
লালসাতকৈও আমি যদি
চহকী হওঁ
মানৱতা আৰু নৈতিকতাৰ
সুসংস্কাৰেৰে
মৃত্যুৰ পিছতো আমি তেহে
মানুহৰ মাজত গঢ়িব পাৰিম
জীয়াই থকাৰ পথ
কচুপাতৰ পানী সদৃশ
এই জীৱন কেৱল
স্বাৰ্থ পূৰণৰ বাবে নহয়
এয়া যে দেশৰ বাবে,
দহৰ উপকাৰ হকে।