জীৱন উপত্যকাত
দিপ্তী মনি গোস্বামী, লখিমপুৰ
জীৱন উপত্যকাৰ বাৰীৰ ঢাপত
অ-নিমন্ত্ৰিত আজাৰে লগাই খদমদম্
পদূলিত হেঁপাহেৰে ৰুৱা নাহৰ তগৰেও
অজানিতে হেৰুৱাই থৰ্-কাচুতিখন!
ফাগুন আহিলে ফুলে মদাৰ
মাঁথো গোন্ধ বিহীন ৰঙৰ পোহাৰ,
কণা শিমলু পলাশেও উজান দিয়ে
বসন্তৰ জাননী কুলি কেতেকীৰ সুৰেও
সামৰিব নোঁৱাৰে বিষাদৰ ভাগৰ!
বসন্তৰ বৰষুণত ৰং- ৰূপৰ সমাহাৰ,
আৱতৰীয়া বানে তাতো চলায় সংহাৰ!
ক্ষণিকতে বুকুত বান্ধে বালিচৰ
পলকতে ভাগে নল-খাগৰিৰ ঠুনুকা ঘৰ।
জীৱনৰ উপকূল মাঁথো ব্যাকুল
অন্বেষণ ৰ খোজেপতি ফুটে শূল,
তথাপিও থমকি নৰয় যাত্ৰাৰ সন্ধিক্ষণ
অপেক্ষা কেৱল এদিন মিলিব হেঁপাহৰ আলিংগন!!