জীৱন ইমান সহজ নহয়
এহিয়া আহমেদ, মৈৰাবাৰী
হয়, জীৱন কেতিয়াবা
হৈ পৰে তুচ্ছ;
কেতিয়াবা হৈ পৰে
বহুতো বিৰাগ।
হাস্পাতাল অথবা মঠ- মন্দিৰ,
মছজিদ, গিৰ্জাৰ দুৱাৰে দুৱাৰে
জীৱন ভিক্ষাৰ কাতৰ
কামনাৰ অন্ত নহয়।
নিষ্পাপ জীৱনো কেতিয়াবা
হৈ পৰে বিৰামহীন তথা বিষাক্ত,
কেতিয়াবা পাপী জীৱনৰ
সুখ সমৃদ্ধিয়ে চকু কপালত তোলে।
হয়, জীৱন ইমান সহজ নহয়
আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত
জীৱনে বাছি লয়;
কেতিয়াবা জীৱনে নতুনকৈ
প্ৰকৃতিয়ে উশাহ
লোৱাৰ উমান পায়।
জীৱন কেতিয়াবা অনুপম নহয়
কঠোৰ সংগ্ৰামৰ এপদ এপদ
সম্পদ বিক্ৰী কৰে;
নৰিয়াত শয্যাশায়ী ৰোগীজনো
মৃত্যুঞ্জয়ী জীৱনৰ
সপোন ৰচে।