জীৱনৰ ৰঙ – ৰাজলক্ষ্মী বৰঠাকুৰ

জীৱনৰ ৰঙ

ৰাজলক্ষ্মী বৰঠাকুৰ,দেৰগাঁও

ৰঙা সেন্দুৰেৰে বোলোৱা কপাল খনি
তাইৰ আজি উকা হৈ গ’ল
আবিৰ সনা দুচকুত চকু পানী বোৰে
কৰাল‌ বান্ধিলে ।
আৰু তাইৰ দেহৰ ৰঙীন সাজযোৰ সুলুকাই
কোনোবাই বগা সাজ যোৰ পিন্ধাই দিলে ।
শিল পৰা কপৌ হৈ তাই মাথোঁ চাই আছে‌
শীতৰ হাড় কপোৱা ঠাণ্ডাত
চোতালত শুই আছে তাইৰ বুকুৰ কুটুম।
গাত ঢাকি থোৱা আছে এখনি বগা চাদৰ
ডেউকা ভগা চৰাই জনীৰ দৰে‌
বহি আছে তাই‌
পাৰিব যানো‌ তাইৰ‌ সপোনৰ‌ ৰঙ বোৰ
ঘূৰাই আনিব
জীৱনটো আৰম্ভণি হৈছিলেহে মাথোঁ
নিষ্ঠুৰ নিয়তিয়ে আহি তাইৰ
জীৱনৰ সকলো সুখ কাঢ়ি নিলে
কোনোবাই আহি তাইৰ চাদৰৰ আচলত ধৰি
টনা দেখি পাচলৈ ঘূৰি চাই দেখে
তাইৰ কণ মানি বুকুৰ জিউ জনি।
তাইক বুকুত সাবটি ধৰি
তাই হেঁপাহ পলুৱাই কান্দিলে‌
এতিয়া তাইয়ে তাইৰ আশা ভৰষাৰ থল‌
জীৱনৰ ৰঙ তুলিকাৰে ৰঙীন কৈ‌
আঁকি লোৱা কেনভাচ খনিত কোনোবাই
যেন আহি কলা ৰঙ চতিয়াই দিলে।