জীৱনৰ স্তৱক
ৰাজলক্ষ্মী বৰঠাকুৰ,দেৰগাঁও
মাতৃৰ কোলাত বহি
মৰমৰ সোৱাদ লৈ
পাৰ হয় শৈশৱ ।
খেলা -ধূলা হাঁহি- ধেমালিৰে
পাৰ কৰি লৰালি , কৈশোৰ
ভৰি থৈ যৌৱনৰ আলি -দোমোজাত ,
জীৱন গাঁঠা হয় আৰম্ভ
যি জনে ল’ব পাৰে যৌৱন কালত
সঠিক সিদ্ধান্ত আৰু ৰাখিব পাৰে সময়ৰ হিচাপ
সেই জনেই জীৱন যোদ্ধত গাব পাৰে
সফলতাৰ গান ।
যৌৱন পাৰ হৈ আগবাঢ়ি যায়
জীৱনৰ পোৱা নোপোৱাৰ হিচাপ কৰোঁতেই পাৰ হয় এফাল
সময়ৰ গতি ধাৰাত আগবাঢ়ে জীৱন
এখিলা দুখিলা কৈ গছৰ পাত সৰা
দি সৰি সৰি জীৱনৰ দিন বোৰ
পাৰ হৈ যায়।
বেলি লহিয়াই জীৱন দিঙৰাত
নাঁও মেলি দি
অন্তহীন যাত্ৰাত।