জীৱনৰ সৌকুমার্য্য আৰু নৈৰাশ্যবাদৰ প্ৰাসংগিকতা – সুশান্ত দাস

PC- horticulture

জীৱনৰ সৌকুমার্য্য আৰু নৈৰাশ্যবাদৰ প্ৰাসংগিকতা
(সত্যান্বেষী জনগণৰ হাতত)

সুশান্ত দাস, শিৱসাগৰ

“ জীৱন
তোৰেই অতন্দ্ৰ ব্যগ্ৰ
বাহুত সজ্জিত নেকি
আনন্দ-বেজাৰৰ বিষম নিয়ম (!) ”

সৰ্বপ্ৰথমে মানৱ জীৱন লাভ কৰা প্ৰতিজনক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন। অবিঘ্নিত, অপ্ৰতিৰোধ্য গতিৰ এই মানৱ জীৱন এক বিশেষ আলোড়ন ; এক স্পন্দিত সত্ত্বা ! মই, আপুনি আৰু প্ৰতি গৰাকীয়ে সানন্দ-বিষণ্ণ আদি উপাদানৰ আৱৰ্তত জীয়াই আছোঁ আৰু মৃত্যুপৰ্যন্ত জীয়াই থাকিম। আচল জীৱনান্বেষণ কৰিবলৈ অনেক তত্ত্ব প্ৰকাশ হৈছে , অথচ লাস্যময়ী, চালনাময়ী জীৱনৰ কথা জানিবলৈ বহু বাকী। মানৱ জীৱন পোৱাটো দেৱৰো দুৰ্লভ ; যাক আমি উপভোগ্য কৰি তোলাৰ বিপৰীতে আমি ইয়াক বেদনাৰ আস্তৰণেৰে ঢাকি এক প্ৰকাৰে নষ্ট কৰোঁ। হয়! জীৱনে তিতা মিঠা দিয়ে; কিন্তু বিস্মিত সাধুকথা বুলি ভাবি এৰি দিব নোৱাৰিম নে (?) পিছে কোনো ক্ষেত্ৰত নোৱাৰি। বিহ্বলতা, যাৰ নামেই সন্ত্ৰাস দৰ্পণ স্বৰূপ ! য’ত মিথ্যাচাৰৰ এক বিশেষ ভূমিকা থাকে। এইয়া মিথ্যাচাৰ নিজক ফাঁকি দিয়া হয়। যেতিয়া জীৱনত মিথ্যাৰ বাৰিদ আহি বিপণ্ণ কৰে প্ৰতিটো মধুৰক্ষণ, তেতিয়াই বিহ্বলতাই আমনি কৰে। “ জীৱন, জীৱন বৰ অনুপম…” নিৰ্মলপ্ৰভা বাইদেউৰ এই কথাষাৰ সঁচাকৈ শাশ্বত আৰু নিত্য। জীৱনৰ সৌন্দৰ্য্য অনিন্দ্য আৰু স্বৰ্গীয় বুলিব পাৰি।জীৱনৰ মূলমন্ত্ৰ হৈছে অধ্যৱসায়। বিপন্ন হোৱাৰ আগে আগে যদি ইয়াক যদি আলিংগন কৰিব পাৰোঁ তেন্তে আশাবাদী ফলানুৰূপ পাব পাৰি। জীৱনত মোক্ষ প্ৰাপ্তিয়েই সমগ্ৰ হ’ব নোৱাৰে কিন্তু একাংশই ইয়াকেই জীৱনৰ উদ্দেশ্য বুলি ভাবে। কিয়নো এই অধ্যৱসায়ৰ অবিহনে ইয়াক পোৱাটো সম্ভৱ নহয়। যুঁজ বুলিলে জীৱন, জীৱন বুলিলেই কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়। জয় পৰাজয় জীৱনৰ ৰং ; সানিব পাৰিলে জয়, মোহাৰিব বিছাৰিলে পৰাজয়। মূলতঃ জীৱনৰ পাতনিৰ পৰা অন্ত্যলৈকে বিহ্বল নোহোৱাকৈ অধ্যৱসায় কৰি ফল অৰ্জন কৰিব পাৰিলে সম্ফল হ’ব এই জীৱন। যৎপৰোনাস্তি চেষ্টা আৰু অহোপুৰুষাৰ্থ কৰিলে জীৱন আনন্দ আৰু সুখৰ দৰে বৈভৱময়ী সম্পদেৰে পৰিব্যাপ্তি হৈ উঠিব। গতিকে মুখ্যতঃ এই অধ্যৱসায়েই হৈছে জীৱনৰ পৰম সৌকুমাৰ্য্য। অনাড়ম্বৰ হ’লেও জীৱন সত্যৰ সাৰাংশ ; সততাৰ স্বতঃস্ফুৰ্ত ছবি। নিৰঙ্কুশ আমি, আমাৰ পৃথিৱীত। বোৱতী নদীৰ প্ৰগাঢ় মমতাৰ দুলেৰে বান্ধ খাই থকাৰ দৰে জীৱনৰ প্ৰতিচ্ছবি। কোৱাৰ বাহুল্য মাত্ৰ যে, আমি জীৱনৰ সৌকুমাৰ্য্য পাৰিজাত হৰণৰ পাৰিজাত ফুলৰ দৰে দুষ্প্ৰাপ্য আৰু নিটোল বস্তু, ইয়াক অনুভৱ কৰিবলৈ শান্ত আৰু পৰাপক্ষত দৃঢ়ভাৱে প্ৰস্তুত হৈ হৰণ কৰিব যাব লাগিব। হয়টো অভিযান কঠিন হ’ব পাৰে , কিন্তু জীৱনৰ কোমলতা খিনি পাবলৈ কষ্টৰ বাটৰ বাটৰুৱা হৈ যাবই লাগিব। আকৌ শীত শীত লগা কিছু ক্ষণ আহে জীৱনত, মই সেই ঋতুৰ কথা একেবাৰেই কোৱা নাই। ক’বলৈ বিচাৰিছোঁ ঠেটুৱে ধৰা বিভ্ৰান্তিৰ ক্ষণৰ কথা। এনে ক্ষণ আহিব পাৰে, কঠিনতাৰ চাদৰত আমি নিজকে মেৰিয়াই সৌকুমাৰ্য্যৰ মিঠা কলহৰ সোৱাদ ল’বলৈ যোৱাটো মূৰ্ত আশা। জীৱন যুঁজৰ পুংখানুপুংখ জ্ঞান আমি মহান ব্যক্তিত্বৰ অধ্যয়নেৰে জানিব পাৰিম। জীৱনত চৰম প্ৰাপ্তি হৈছে সুখ আৰু সুখ আহিব সৌকুমাৰ্য্য অহাৰ বাটেৰে। সময় বৃহন্নলা দৰে, দ্বৈত চৰিত্ৰত অভিনয় কৰে। সাঁচিব জানিলে সকলো প্ৰহৰতে জীৱন অক্লান্ত সূৰ্য অহৰ্নিশে উদয় হ’ব, সময়ৰ এনে এক চমৎকাৰী শক্তি আছে। দৈন্যতানো কি (?) বিপণ্ণ সত্য সেইয়া, যাৰ অন্ত নাই, আদি নাই। নিৰন্তৰ উন্নীতকৰণ দৰে গাঢ় হৈ যায় তাকো বিধিগত নহয়, অবিধিগত, অসংযত। দৈৱৰ ফুটাটোৰ সুৰুঙাই দি চালে দেখিম আনন্দবোৰ নিৰাকাৰ আৰু আচলতে ফুটা কপালৰ অৰ্থ ভাগ্য বেয়া নহয় , সৌকুমাৰ্য্যৰ শূণ্য উপস্থিতি ! কোমলতা নাথাকিলে অৰ্থাৎ সুখ , আনন্দ নাথাকিলে কেনেকৈ দৈৱ ফুলি উঠিব ! বিৰিণাৰ দৈৱিক হাঁহিৰ আঁৰত লুকাই থাকে অদৃষ্টবদ্ধ নিৰন্তৰ সৌকুমাৰ্য্যৰ প্ৰবাহ। জীৱনৰ অন্তিম ক্ষণটি আনন্দৰে শেষ হওঁক, আৰু নাটকৰ যৱনিকা পৰক তাৰেই নিৰলে কামনা কৰোঁ আমি। গতিকে সৌকুমার্য্যৰ এক বিৰল কৃতিত্ব আছে আমাৰ কৰ্মময় জীৱনৰ আৰম্ভণিৰ পৰা পৰিসমাপ্তি লৈকে।পিছে অনুভৱ হয় , সৌকুমার্য্যৰ বাহিৰেও অন্য এক প্ৰাসংগিক আছে আমাৰ জীৱনত। যেতিয়া আমি হতাশ হওঁ তেতিয়া নিৰলস প্ৰবাহেৰে নামি আহে নৈৰাশ্যবাদ ! নৈৰাশ্যবাদ আহে বহু পথেৰে। দুৰ্গম–সুগম ইত্যাদি ইত্যাদি। মই ক’ব বিচাৰিছোঁ যে, ই আমাৰ মনোভাৱৰ এক বৃহৎ সংৰক্ষিত অংশ , কিয়নো ইয়াক আমি মনত সঞ্চয় কৰি ৰাখো আৰু মনোকষ্ট দিয়াৰ চলেৰে ইয়াক সমগ্ৰ শৰীৰ ব্যাপ্ত কৰোঁ। যি কি নহওক, ইয়াৰ এক বিশেষ প্ৰাসংগিকতা আছে জীৱন সত্যৰ পটভূমিত। ঈশ্বৰ নিৰ্গুণ ব্ৰহ্ম, নিৰাকাৰ, চিৰ নমস্য, অগতিৰ গতি, নিৰঞ্জন, নিৰাময়। তেওঁৰ এটি ইংগিততে এই জগত মানৱাৰণ্য, চৰাচৰ। এই নৈৰাশ্যবাদ তেওঁৰেই দান। নিৰাশ মনত মাথোঁ থাকে বিহ্বলতা, স্থৱিৰ কথকতা। দিন আৰু ৰাতিৰ দৰে শান্ত পৃথিৱীত একোৱেই নাই। ইহঁত ইমান শান্ত যদিও কাৰোৱেই মন শান্ত কৰি নাৰাখে। নৈৰাশ্য আহে বিঘিনি অহাৰ বাটেৰে, নিঃসঙ্গতাৰ সুৰুঙাৰে আৰু মনৰ অস্থৱিৰ দৌৰাত্মতাৰ পথেৰে। নৈৰাশ্যবাদৰ প্ৰভাৱে আমাক জীৱন সত্যৰ লগত চিনাকি কৰি দিয়ে। জীৱনৰ সেই ক্ষণৰ অনুভূতি দিয়ে যি ক্ষণত ভাগৰি পৰা নিৰস্ত্ৰ হাজাৰ হাজাৰ পথিকৰ ব্যতিৰেকে আপুনি বা মইও এজন হওঁ আৰু বিপ্ৰকৰ্ষ কৰোঁ আনন্দৰ বিৰাট ভাৱোদীপ্ত ক্ষণ। ই এখন নিকা দাপোনৰ দৰে, যিয়ে প্ৰতিফলন কৰে সৃষ্টিৰ অলঙ্ঘ্যতা আৰু সংসাৰৰ বিব্ৰত জটিলতা। এইবোৰ সত্যভাৱৰ জ্যোৎস্নাছায়াৰ সন্মুখীন হোৱাৰ পথিকৃৎ নৈৰাশ্যবাদ। জীৱনৰ যুযুৎসা মনোভাৱ ৰখাসকলে ইয়াৰ লগত ভালদৰে চিনাকি আৰু ইয়াৰ লগত হয়তো ক্ষণভংঙ্গুৰ সময়ৰ সৈতে তেওঁৰ ইষ্টান্তিকতা অটুট ৰাখিছে। নৈৰাশ্যৰ বিদ্ৰূপ চৰিত্ৰটো আমাৰ নিন্দনীয়। ই মানুহক সত্যৰ চিনাকি দিয়াৰ লগে লগে ভিতৰি ভিতৰি ভাঙি পেলাই নতুনকৈ কল্পবিদ্রুম মেলাৰ আগতে গ্ৰহণ লগায়। জীৱনক অধ্যয়ন কৰিলে আৰু অনেক আলোচ্য পোৱা যায়। সেইবোৰো হয়তো এটা এটা অপৰিহাৰ্য অংগ! হ’লেও জীৱন সত্যৰ সন্ধিৎসু, গতিকে সকলো সময়তে আমাক চিনাব বিচাৰে সত্য। আমিও জীৱনৰ লগত এনেদৰেই হাতে হাত ধৰি ৰাখিব লাগিব ধীৰ, গম্ভীৰ খোজ। শেষত সকলোকে আকৌ অভিনন্দন জনালো এটা মানৱ জীৱন পোৱাৰ বাবে। কৰ্মময়, ধৰ্মময়, লাস্যময়, অভীপ্সাময় জীৱন ; প্ৰতিজন সফল হওঁক।